ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Oct 19, 2021, 5:02 PM IST

5 বজাৰ শীৰ্ষ 10 বাতৰি

5 বজাৰ শীৰ্ষ 10 বাতৰি
5 বজাৰ শীৰ্ষ 10 বাতৰি

প্ৰদীপ দত্ত ৰয়ক কোনে দিলে ভণ্ড আখ্যা ?

ৰাকৰ ঘটনাত জড়িত লোকসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি শাস্তি দিয়াৰ দাবী প্ৰদেশ কংগ্ৰেছৰ ৷ বাংলাদেশত হিন্দুসকলৰ ওপৰত চলা আক্ৰমণৰ ঘটনা সন্দৰ্ভত ভাৰত চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাৰ বাবে আশ্চৰ্য প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ ৷

ভাওনা সংস্কৃতিক বিকৃত ৰূপত উপস্থাপনক লৈ প্ৰতিক্ৰিয়া সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামীৰ

গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা সংস্কৃতিক বিকৃত ৰূপত উপস্থাপন অভিনেতা দ্বীপজ্যোতি কেওঁটৰ । ইয়াক লৈ ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ভাওনা সংস্কৃতিক বিকৃত ৰূপত উপস্থাপনক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাজুলীৰ চামগুৰি সত্রৰ সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামীয়ে ৷

বৰাকত অসমীয়া ভাষাক অপমান কৰাক লৈ প্ৰতিক্ৰিয়া তিনিচুকীয়াত আটাছুৰ

বৰাক উপত্যকাত অসম চৰকাৰৰ প্ৰচাৰ বিভাগে অসমীয়া ভাষাত লিখা নাম ফলক আৰু বেনাৰ-পোষ্টাৰত এটা তথাকথিত সংগঠনে কলা ৰং সানি বাংলা ভাষা লিখিবলৈ দাবী জনোৱাৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে অসমৰ দল সংগঠন ।

পেট্ৰ’লৰ নিচিনাকৈ অত্যাধিক হাৰত মূল্য বৃদ্ধি হৈছে ড্ৰাগছৰ: ড্ৰাগছ সেৱনকাৰী যুৱক

ড্ৰাগছ সেৱন কৰি থাকোতেই স্থানীয় ৰাইজে কৰায়ত্ব কৰে দুই শিক্ষিত যুৱকক । বাক্সা জিলাৰ নাগ্ৰীজুলীৰ তম্বিদ দাস আৰু বিকী আলীক হাতে লোতে কৰায়ত্ব কৰে ৰাইজে ।

শিলচৰত অসমীয়া ভাষাক অপমান; মোহাৰি দিয়া হ'ল অসমীয়াত লিখা ফলক

শিলচৰ কাণ্ডক লৈ উত্তপ্ত অসমৰ পৰিস্থিতি ৷ পুনৰ অসমীয়া ভাষাক অপমান কৰিছে বৰাকত ৷ কিয়নো শিলচৰ ৰে'ল ষ্টেছনত অসমীয়া ভাষাত লিখা এখন পোষ্টাৰ লগোৱা হৈছিল ৷ অসমীয়াত লিখা হোৱাৰ বাবে শিলচৰত ক'লা ৰঙেৰে মোহাৰি পেলোৱা হ'ল অসমীয়াত লিখা ফলকখন ৷ এই ঘটনাৰ অভিযোগ উত্থাপন হৈছে বৰাক ডেম'ক্ৰেটিক যুৱ ফ্ৰণ্টৰ লগতে বঙালী ছাত্ৰ সংগঠন (All Bengali Students Youth Organization)ৰ বিৰুদ্ধে ৷ এই ঘটনাক লৈ বৰ্তমান ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ আনহাতে, জানিব পৰা মতে, এই ঘটনাৰ পাচতে কাছাৰ জিলা প্ৰশাসনে সংগঠন দুইটাৰ বিৰুদ্ধে নিজা ববীয়াকৈ ৰুজু কৰিছে এক গোচৰ ৷

দেউৰেকে দাৰে ঘপিয়াই মূৰ ফালিলে নবৌৱেকৰ

এইবাৰ হোজাইত সংঘটিত হৈছে আন এক হিংসাত্মক ঘটনা ৷ ঘটনা অনুসৰি হোজাই জিলাৰ নীলবাগানত এখন ৰাজহুৱা বিচাৰ চলি থকাৰ মাজতে চোকা অস্ত্ৰৰে এগৰাকী মহিলাৰ মূৰ ফালিলে আত্মীয়ই ৷

ডুমডুমাত ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ এজন

ৰাজ্যত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ ডুমডুমা আৰক্ষীয়ে সোমবাৰে এনে এক অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷

ধুবুৰী আৰক্ষীৰ জালত শালকাঠ ভৰ্তি বিলাসী স্কৰপিঅ’ বাহন

ধুবুৰী জিলাত চলিছে শালকাঠৰ বৃহৎ ছিণ্ডিকেট চক্ৰ । বিলাসীপাৰাত একাংশ মাফিয়াই চলাই আহিছে চোৰাং কাঠৰ এই ৰমৰমীয়া বেহা ।

বাসভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ অমিত শ্বাহৰ

মঙলবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)ৰ বাসভৱনত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ(Amit Shah) । বৰ্তমান প্ৰধানমন্ত্ৰীৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ আলোচনা অব্যাহত আছে । কাশ্মীৰকে ধৰি আন কেইবাটাও ৰাষ্ট্ৰীয় সমস্যা সন্দৰ্ভত আলোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে ।

অসম-বংগ সীমান্তত গৰুসহ আটক গো-মাফিয়া

পুনৰ অসম-বংগ সীমান্তত সীমান্ত আটক গৰু ছিণ্ডিকেটৰ লগত জড়িত দুজন ৷ দুখন দহচকীয়া কণ্টেইনাৰ ট্ৰাকত গৰুৰ চোৰাং সৰবৰাহৰ চেষ্টা কৰিছিল গো-মাফিয়াই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.