ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - TOP 10 @ 5 PM

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 @ 5 PM
5 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Jul 26, 2021, 5:00 PM IST

বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্কৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

50 কোটি টকা ব্যয় সাপেক্ষে ডিমা হাচাও জিলাত নিৰ্মাণ হ'ব এখন বিশেষ বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্ক (Bamboo Industrials Park) ৷ সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) ই ইয়াৰ আধাৰশিলা স্থাপন কৰে ৷

ISC পৰীক্ষাৰ শীৰ্ষ স্থানত উজ্বলিল অসমৰ ছাত্ৰী

ব’ৰ্ড অৱ ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট (ISC)ৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত শীৰ্ষ স্থান লাভ বিশ্বনাথৰ অস্মিতা কাকতি (Ashmita Kakati) ৰ ৷ কলা শাখা (Arts Stream) ত শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে অস্মিতাই ৷

অসমৰ কাৰ্গিল বীৰ জিণ্টু গগৈ

দেশজুৰি পালন কৰা হৈছে কাৰ্গিল বিজয় দিৱস ৷ এই কাৰ্গিল যুদ্ধত প্ৰাণ হেৰুৱাইছিল অসমৰ বীৰ যোদ্ধা জিণ্টু গগৈয়ে ৷ কাৰ্গিলৰ অন্যতম নায়ক জিণ্টু গগৈৰ জীৱনৰ এক অৱলোকন ৷

তিনিচুকীয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল

ৰাজ্যত দিনক-দিনে হ্ৰাস পাবলৈ ধৰিছে কেঁচা চাহপাতৰ মূল্য । অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যই সাধাৰণ ৰাইজক জুৰুলা কৰাৰ সমান্তৰালভাৱে কেঁচা চাহপাতৰ হ্ৰাস পোৱা মূল্যই এতিয়া বিপাঙত পেলাইছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক । ইয়াৰে প্ৰতিবাদত সোমবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ।

অপেক্ষা মাথো কেইটামান ঘন্টাৰ : লাভলীনা জয়ী হোৱাৰ আশাত অসম

মাজত মাথো কেইটামান ঘণ্টা বাকী ৷ সমগ্ৰ ভাৰত তথা অসমবাসীৰ আশীৰ্বাদেৰে অলিম্পিক বক্সিং ৰিঙত নামিব লাভলীনা বৰগোঁহাই । সম্পূৰ্ণৰূপে সাজু অসমৰ জীয়ৰী লাভলীনা বৰগোঁহাই ।

দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তি: আৰম্ভ হ'ল স্নাতকোত্তৰৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া

সোমবাৰৰ পৰা আৰম্ভ হৈছে দিল্লী বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগত নামভৰ্তিৰ বাবে প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া ৷ স্নাতক, স্নাতকোত্তৰ উপৰিও এম ফিল (M Phill) আৰু পি এইচ ডিৰ (P hD) বাবে আৰম্ভ হৈছে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া ৷

চৰকাৰী ভূমিত কোন এওঁলোক ?

চামগুৰিৰ গটঙাস্থিত সামাজিক বনানীকৰণ(social forestry) ৰ চৰকাৰী গেজিং ৰিজাৰ্ভৰ ভূমিত বেদখল চলাইছে অঞ্চলটোৰ স্থায়ী ৰাইজৰ অপৰিচিত একাংশ লোকে । সমান্তৰালকৈ দিনকদিনে অঞ্চলটোত বৃদ্ধি পাইছে চোৰ-ডকাইতি তথা অসামাজিক ঘটনা ৷

কাৰ্গিল বিজয় দিৱসৰ তাৎপৰ্য কি ?

1999 চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ সেনাবাহিনীয়ে চুবুৰীয়া পাকিস্তানৰ বিৰুদ্ধে 60 দিনৰ যুদ্ধৰ পৰিণতিত বিজয় সাব্যস্ত কৰিছিল ৷ ভাৰতৰ বীৰ জোৱান সকলে সেইদিনা পাকিস্তানী সেনাক পৰাভূত কৰি সু-উচ্ছ কাৰ্গিলৰ শিখৰত বিজয় নিচান উৰুৱাইছিল । 60 দিন ধৰি চলা এই সশস্ত্ৰ যুদ্ধৰ অন্তত ভাৰতীয় সেনাই বিজয় নিচান উৰুৱাবলৈ সক্ষম হোৱা দিনটোক সেই তেতিয়াৰে পৰা কাৰ্গিল বিজয় দিৱস হিচাপে উদযাপন কৰা হৈ আহিছে ৷

পেগাছাছ বিতৰ্ক: সদন স্থগিত ৰখাৰ প্ৰস্তাৱ কংগ্ৰেছৰ

পেগাছাছক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা । লোকসভাৰ আলোচনাতো প্ৰভাৱ পেলাইছে পেগাছাছৰ প্ৰসংগই । সোমবাৰে অধ্যক্ষক সদন স্থগিত ৰখা প্ৰস্তাৱৰ জাননী দাখিল কৰে কংগ্ৰেছ নেতা মনীষ তিৱাৰী আৰু মণিকাম ঠাকুৰে ।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাৰ পদত্যাগ

অৱশেষত কৰ্ণাটক(Karnataka)ৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিলে বি এছ য়েদিয়ুৰাপ্পা( BS Yediyurappa)ই । সোমবাৰে প্ৰায় ১২.৩৫ বজাত ৰাজ্যপাল থভাৰ চান্দ গেহলট(Thavar Chand Gehlot)ৰ ওচৰত তেওঁ পদত্যাগ পত্ৰ দাখিল কৰে । ৭৫ বছৰৰ পাছতো বিজেপিয়ে গুৰুত্বপূৰ্ণ দায়িত্বভাৰ দিয়াৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক ধন্যবাদ জ্ঞাপন কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.