ETV Bharat / state

এইবাৰ বিটিআৰ কৃষকে পাব আধুনিক কৃষি সঁজুলি

author img

By

Published : Jan 10, 2021, 7:16 PM IST

'কৃষক সকলৰ উন্নতিৰ হ'কে বিটিআৰ চৰকাৰে কেইবাখনো সময় উপযোগী আচঁনি গ্ৰহণ কৰিছে ৷ এইবাৰ বিটিআৰ কৃষক সকলৰ পৰিশ্ৰম লাঘৱ কৰাৰ বাবে ধান ৰোৱা, ধান কটা আৰু মৰণা মৰাৰ বাবে আধুনিক কৃষি সঁজুলি কৃষকক দিয়াৰ ব্যৱস্থা কৰিছে বিটিআৰ চৰকাৰে ৷' এক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য প্ৰকাশ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে ৷

this-time-btr-farmers-will-get-modern-agricultural-equipment
এইবাৰ বিটিআৰ কৃষকে পাব আধুনিক কৃষি সঁজুলি

বাক্সা, ১০ জানুৱাৰী : "বিটিআৰ চৰকাৰে এইবাৰ কৃষি বিভাগত ২০ কোটি টকা ধাৰ্য কৰিছে । ইতিমধ্যে ৰাস্তা ঘাটৰ লগতে ডাঙৰ ডাঙৰ কৃষি বান্ধৰ বাবে কেইবাখনো আঁচনি গ্ৰহণ কৰা হৈছে ।" বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ উদ্যোগত আৰু জালাহ অবড়ো সুৰক্ষা সমিতি সহযোগত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত এই মন্তব্য প্ৰকাশ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে ৷

তেওঁ সংবাদ মাধ্যম সম্বোধন কৰি কয়, বিপিএফ চৰকাৰৰ সময়ত কৃষি আঁচনিৰ বাবে প্ৰদান কৰা ৩৭ কোটি ২০ লাখ টকাৰ তদন্ত কৰিহে কৃষক সকলক পৰৱৰ্তী আঁচনিৰ ধন দিয়াৰ ব্যৱস্থা কৰা হ'ব । ইতিমধ্যে এই সন্দৰ্ভত এখন বাজেট প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰক প্ৰেৰণ কৰা হৈছে বুলিও জানিবলৈ দিয়ে ঘনস্যাম দাসে ৷

'কৃষক সকলৰ উন্নতিৰ হ'কে বিটিআৰ চৰকাৰে কেইবাখনো সময় উপযোগী আচঁনি গ্ৰহণ কৰিছে ৷ এইবাৰ বিটিআৰ কৃষক সকলৰ পৰিশ্ৰম লাঘৱ কৰাৰ বাবে ধান ৰোৱা, ধান কটা আৰু মৰণা মৰাৰ বাবে আধুনিক কৃষি সঁজুলি কৃষকক দিয়াৰ ব্যৱস্থা কৰিছে বিটিআৰ চৰকাৰে ৷' ঘনস্যাম দাসে কয় ৷

উল্লেখ্য যে, বাক্সা জিলা জালাহ শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত উক্ত সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে গণ সুৰক্ষা পাৰ্টিৰ কোকলাবাৰী পৰিষদীয় সমষ্টিৰ সভাপতি সোণেশ্বৰ দাসে । সভাত অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাধৱ ৰাজবংশী, কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা সৰ্বেশ্বৰ ডেকা আদি ৷

লগতে পঢ়ক : এছ আই কেলেংকাৰী সন্দৰ্ভত মুখ্য সচিবক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.