বাক্সা,5নৱেম্বৰ: বাক্সা জিলাৰ ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ ইউপিপি এল দলৰ ১১ দিনীয়া পৰিৱৰ্তন পদযাত্ৰা আজি সমাপ্ত হয় । যোৱা ২১ অক্টোবৰত কুমাৰীকাটাৰ পৰা ইউ পিপিএল দলৰ পৰিৱৰ্তন পদযাত্ৰাৰ আৰম্ভণি হৈছিল । বিগত ১১ দিনত প্ৰাৰ্থী ফনিন্দ্ৰ নাৰ্জাৰী তথা দলীয় সমৰ্থক সকলে ২২০ কিলোমিটাৰ খোজ কঢ়া বুলি সদৰি কৰে ।
![The transformation walk of the U PPL team is over](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bak-01-uppl-road-show-end-vis7-7203823_05112020181747_0511f_1604580467_292.jpg)
উল্লেখ্য যে, আজি ৩নং ভিচিডিচিৰ দোহা-আঙাৰকাটাৰ গাঁৱত ইউপিপিএল দলৰ প্ৰাৰ্থী গৰাকীক আদৰণি জনোৱাৰ সময়ছোৱাত বহু লোকৰ সমাগম হয় ৷ পদযাত্ৰাত ফনিন্দ্ৰ নাৰ্জাৰীয়ে ৰাইজৰ সমৰ্থন দেখি আৱেগিক হৈ সমষ্টিবাসীক পদযাত্ৰাত অংশগ্ৰহণ কৰি সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।
![The transformation walk of the U PPL team is over](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bak-01-uppl-road-show-end-vis7-7203823_05112020181747_0511f_1604580467_597.jpg)
অন্য এক খবৰৰ বাবে: চিৰাঙত ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুই সৰৱৰাহকাৰী