ETV Bharat / state

Teacher protest: একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত বাক্সা জিলা প্ৰশাসনৰ মইমতালি - একলব্য আদৰ্শ আৱাসিক বিদ্যালয়

একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক এই বিদ্যালয়ৰ পৰা অন্য বিদ্যালয়লৈ নিয়াৰ চেষ্টা কৰাৰ লগতে বিদ্যালয়খনত নতুন শিক্ষক নিযুক্তি দিয়াৰ খবৰ পোহৰলৈ অহাৰ পিচতে বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

Teacher protest in BAKSA
একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত বাক্সা জিলা প্ৰশাসনৰ মইমতালি
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 9:04 PM IST

একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত বাক্সা জিলা প্ৰশাসনৰ মইমতালি

বাক্সা, 19 ছেপ্টেম্বৰ : মঙলবাৰে বাক্সা জিলাৰ দলবাৰীৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক এই বিদ্যালয়ৰ পৰা অন্য বিদ্যালয়লৈ নিয়াৰ চেষ্টা কৰাৰ লগতে বিদ্যালয়খনত নতুন শিক্ষক নিযুক্তি দিয়াৰ খবৰ পোহৰলৈ অহাৰ পিচতে বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

জানিব পৰা মতে, কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যালয়খন এটা NGO ই পৰিচালিত কৰি আহিছিল ৷ তাৰ পিচতে 2013 চনৰ 14 জুলাইত বিদ্যালয়খন অসম চৰকাৰৰ অধীনলৈ আহিছিল ৷ তাৰ পিচৰে পৰাই বিদ্যালয়খনত লাগিছে কেনা ৷ ইয়াৰ পিচতে বিগত 10 বছৰে কৰ্মৰত শিক্ষকক আঁতৰাই নতুন শিক্ষক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰে বাক্সা জিলা প্ৰশাসনে ৷ ইয়াৰ পৰিণতিত পাঠদানৰ পৰা আঁতৰাই ৰখা হৈছে পূৰ্বৰ 32 গৰাকী শিক্ষকক ৷

ইয়াতে ক্ষান্ত নাথাকি মঙলবাৰে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক আন এখন বিদ্যালয়লৈ স্থানান্তৰ কৰিবলৈ বিচাৰিছিল বাক্সা জিলা প্ৰশাসনে l ইতিমধ্যে পণবন্দী হৈ পৰিছে 480 গৰাকী শিক্ষাৰ্থী l ফলত বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় লোকে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে ৷ এই খবৰ লাভ কৰি বিদ্যালয়খনত জিলা আয়ুক্ত, জিলা শিক্ষা বিষয়া, আৰক্ষীয়ে ভিৰ কৰেহি ৷

আনকি জিলাখনৰ আয়ুক্ত মাচান্দা মাৰ্টিনে শ্ৰেণীকোঠাত প্ৰৱেশ কৰি শিক্ষাৰ্থীসকলক আন বিদ্যালয়লৈ যাবলৈ হেঁচা প্ৰয়োগ কৰে l জিলা আয়ুক্তই ইমানতে ক্ষান্ত নাথাকি নিজ ক্ষমতা দেখুৱাই আৰক্ষীৰ দ্বাৰা সাংবাদিকক প্ৰৱেশ নিষিদ্ধ কৰিবলৈ বিচাৰে যদিও সাংবাদিকসকলে প্ৰতিবাদ কৰি আৰক্ষীৰ বাধা উফৰাই দৃশ্য সংগ্ৰহ কৰে ৷ ইয়াৰ পৰিণতিত এটা সময়ত কেমেৰাৰ আগৰ পৰা পলাই যাবলৈ বাধ্য হয় জিলা আয়ুক্তগৰাকী ৷

সম্প্ৰতি 32 গৰাকী শিক্ষকক 10 বছৰ কাম কৰাৰ পিচত চৰকাৰী নীতিৰ দোহাই দি খেদি দিব বিচৰা কাৰ্যই এনে অৰাজক পৰিস্থিতিৰ সৃ্ষ্টি কৰিছে l এই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক আৰু অভিভাৱকসকলেও প্ৰশাসনৰ এনে কাৰ্যত তীব্ৰ ক্ষোভ উজাৰিছে ৷

লগতে পঢ়ক: Safai Karmi Protest in Guwahati: ক’ভিড যোদ্ধালৈ পিঠি দিলে নেকি মুখ্যমন্ত্ৰীয়ে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.