ETV Bharat / state

বাক্সাত ৫৯১গৰাকী শিক্ষকক নিয়মীয়াকৰণ পত্ৰ প্ৰদান - বাক্সাত ৫৯১ গৰাকী শিক্ষকক নিয়মীয়াকৰণ পত্ৰ প্ৰদান

বাক্সাত ১৯৯৯ চনৰ নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ সমস্যা সমাধান (Teachers appointment letter distributed in Bashka)। উল্লেখ্য যে ১৯৯৯ চনত অবিভক্ত নলবাৰী জিলাত এইসকল শিক্ষকে নিযুক্তি লাভেৰে নিয়মিত দৰমহা লাভ কৰি আছিল যদিও ২০০৯ চনত হাগ্ৰামা মহিলাৰীৰ নিৰ্দেশমৰ্মে বি টি চিৰ শিক্ষা বিভাগে চাকৰিৰ পৰা অব্যাহতি দিছিল ।

Teachers appointment letter distributed in Bashka
বাক্সাত ৫৯১ গৰাকী শিক্ষকক নিয়মীয়াকৰণ পত্ৰ প্ৰদান
author img

By

Published : Oct 1, 2022, 9:27 PM IST

বাক্সা, ১ অক্টোবৰ: অৱশেষত অন্ত পৰিল বিটিচি অঞ্চলৰ ১৯৯৯ চনত নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ সমস্যা ৷ সমাধান হ'ল বিটিচিৰ শিক্ষা বিভাগৰ এটা বৃহৎ সমস্যা ৷ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদে শনিবাৰে পুনৰ ৫৯১গৰাকী (Teachers appointment letter distributed in Bashka) শিক্ষকক প্ৰদান কৰিলে নিয়মীয়াকৰণ পত্ৰ ৷ মুছলপুৰত প্ৰদান কৰিলে এই নিয়মীয়াকৰণ পত্ৰ ৷

উল্লেখ্য যে ১৯৯৯ চনত অবিভক্ত নলবাৰী জিলাত এইসকল শিক্ষকে নিযুক্তি লাভেৰে নিয়মিত দৰমহা লাভ কৰি আছিল যদিও ২০০৯ চনত হাগ্ৰামা মহিলাৰীৰ নিৰ্দেশমৰ্মে বি টি চিৰ শিক্ষা বিভাগে চাকৰিৰ পৰা অব্যাহতি দিছিল । কিন্তু ২০১৫ চনত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে পুনৰ প্ৰায় ১,৩০০ গৰাকী শিক্ষকক চাকৰিত যোগদানৰ নিৰ্দেশ দিয়ে যদিও বৰ্তমানলৈকে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত আছিল । শেহতীয়াকৈ এই শিক্ষকসকলে পুনৰ আদালতৰ দ্বাৰস্থ হোৱাত ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এই শিক্ষক সকলক নিয়মীয়াকৰণ পত্ৰ প্ৰদান কৰে বি টি চি পৰিষদে ।

বাক্সাত ৫৯১গৰাকী শিক্ষকক নিয়মীয়াকৰণ পত্ৰ প্ৰদান

প্ৰথম পৰ্যায়ত বিটিচিৰ শিক্ষা বিভাগে ৩০১গৰাকীশিক্ষকক নিয়মীয়াকৰণ পত্ৰ প্ৰদান কৰাৰ পিছত আজি পুনৰ ৫৯১ গৰাকী শিক্ষকক নিয়মীয়াকৰণ পত্ৰ প্ৰদান কৰে ৷ প্ৰণিধানযোগ্য যে বিশেষ অসুবিধাৰ বাবে ৯৪ গৰাকী শিক্ষকক আজি নিয়মীয়াকৰণ পত্ৰ দিব নোৱাৰিলে যদিও পৰৱৰ্তী সময়ত প্ৰদান কৰিব ৷

ইফালে, বিটিচি অঞ্চলত ২০১৫ চনত নিযুক্তি প্ৰাপ্ত ছয়মহীয়া টেট শিক্ষকসকলক নিয়মীয়াকৰণৰ বাবে অচিৰে বিশেষ টে'ট পৰীক্ষা অনুষ্ঠিত কৰিব বুলি জানিব দিয়ে বিটিচি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে (Chief Executive Member of BTC Council) ৷ উক্ত অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হস্ত তাত বস্ত্ৰ বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম,কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, ঘনশ্যাম দাস, ৰঞ্জিত বসুমতাৰীকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক:পূজাত যোৰহাটৰ কোনবোৰ স্থানত থাকিব No Parking

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.