বৰমা, 17 মে’: দেশৰ একাংশ শিক্ষিত যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ আশংকাত ভুগা সময়তে বাক্সাৰ এজন যুৱকে দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন । হাঁহ, কুকুৰা, গাহৰি পালনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি চৰ্চালৈ আহিছে বাক্সাৰ খাৰুৱাৰ সৌমদৌন বড়ো নামৰ যুৱকজন ।
উচ্চ শিক্ষাৰে শিক্ষিত সৌমদৌন বড়োই মুম্বাইৰ এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত চাকৰি কৰিছিল যদিও নিজে কিবা এটা কৰাৰ সপোন লৈ বিগত বৰ্ষত মুম্বাইৰ পৰা নিজ ঘৰলৈ উভতি আহে যুৱকজন ৷ অৱশেষত নিজ ঘৰতে এখন বৃহৎ ফাৰ্ম খুলি 500টা হাঁহ, 400টা কুকুৰা, টাৰ্কী চৰাই আৰু গাহৰি পালন কৰাৰ লগতে মৎস্যপালন কৰি বহুতৰে নিদৰ্শন হিচাপে ঠিয় দিছে এই যুৱকজনে । অৱশ্যে চৰকাৰী সাহাৰ্য অবিহনেই বৃহৎ ফাৰ্মখন চলাই আছে সৌমদৌন বড়োই ।
আনহাতে, লকডাউনৰ সময়ত খাদ্য ক্ষেত্ৰত সমস্যাৰ সম্মুখীন হ’লেও হাৰ মনা নাই সৌমদৌনে ৷ তেওঁৰ চৰকাৰলৈ আহ্বান, চৰকাৰে যদি তেওঁক সাহাৰ্য প্ৰদান কৰে তেন্তে তেওঁ বৰ্তমানতকৈ ফাৰ্মখন আৰু অধিক ডাঙৰ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে । লগতে সাম্প্ৰতিক সময়ৰ নৱপ্ৰজন্মকো চৰকাৰী চাকৰিৰ আশা পৰিহাৰ কৰি স্বাৱলম্বী হোৱাৰ বাবে আহ্বান জনায় যুৱকজনে ৷
লগতে পঢ়ক: