ETV Bharat / state

গোৰেশ্বৰৰ পৰা নিৰুদ্দেশ অষ্টম শ্ৰেণীৰ ছাত্ৰী

author img

By

Published : Feb 17, 2022, 10:23 PM IST

গোৰেশ্বৰত এগৰাকী ছাত্ৰীৰ নিৰুদ্দেশক লৈ চাঞ্চল্য ৷ 5 ফেব্ৰুৱাৰীতে নিৰুদ্দেশ হোৱা ছাত্ৰীগৰাকীৰ আজি পৰ্যন্ত নাই কোনো সন্ধান (Student goes missing from Goreswar) ৷

student-goes-missing-from-goreswar
গোৰেশ্বৰৰ পৰা নিৰুদ্দেশ অষ্টম শ্ৰেণীৰ ছাত্ৰী

তামুলপুৰ, 17 ফেব্ৰুৱাৰী : তামুলপুৰ জিলাৰ গোৰেশ্বৰত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ গোৰেশ্বৰৰ শুৱাগপুৰৰ পৰা ছাত্ৰী এগৰাকীৰ নিৰুদ্দেশ সম্পৰ্কীয় এটি ঘটনা পোহৰলৈ আহিছে (Student goes missing from Goreswar ) ।

ঘটনা অনুসৰি, বিগত 5 ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে শুৱাগপুৰৰ এগৰাকী 15 বছৰীয়া ছাত্ৰী ৷ নিৰুদ্দেশ হোৱা ছাত্ৰীগৰাকী দেউচুঙা আদৰ্শ মিলন এম ই স্কুলত অষ্টম শ্ৰেণীত অধ্যয়নৰত আছিল বুলি জানিব পৰা গৈছে ৷ নিৰুদ্দেশ হোৱা ছাত্ৰীগৰাকীৰ ঘৰ শুৱাগপুৰ আৰক্ষী চকীৰ অন্তৰ্গত অম্বৰিশ নগৰত । দ্বাৰকুছিৰ আজিজুল হুচেন নামৰ মুছলমান সম্প্ৰদায়ৰ লোক এজনে ফুচলাই নিয়া বুলি পৰিয়াল তথা ৰাইজে সন্দেহ কৰিছে ।

বহুত বিচাৰ খোচাৰ কৰিয়ো ছাত্ৰীগৰাকীৰ কোনো সম্ভেদ লাভ কৰিব নোৱাৰি অৱশেষত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে শুৱাগপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল ৷ পিছে ছাত্ৰীগৰাকী নিৰুদ্দেশ হোৱাৰ 12 দিন ওকলি যোৱাৰ পিছতো উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে । যাৰ ফলত বৃহস্পতিবাৰে বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলে ছাত্ৰী গৰাকীক শিঘ্ৰে উদ্ধাৰ কৰিবলৈ চৰকাৰক জনালে দাবী ৷ লগতে গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি অতি শীঘ্ৰেই দোষীক কৰায়ত্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈকো দাবী জনায় ।

লগতে পঢ়ক : Rajnath Singh fallen on Stage: মঞ্চতে বাগৰি পৰিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.