ETV Bharat / state

বাক্সাত অসম সন্মিলিত মহাসংঘৰ উদ্যোগত বিশেষ অভিবাদন অনুষ্ঠান

author img

By

Published : Nov 24, 2020, 6:17 PM IST

অসম সন্মিলিত মহাসংঘই শৰাইঘাটৰ মহাৰণৰ 349 বছৰ উপলক্ষে মঙলবাৰে বাক্সা জিলাৰ বৰমা ছোৱালী হাইস্কুলত আয়োজন কৰে বিশেষ অভিবাদন অনুষ্ঠান ৷ অনুষ্ঠানত ৰফিউল হুছেইন বৰুৱাৰ "মোৱামৰীয়া গণ অভ্যুত্থান ধৰ্মীয় মেৰপাক আৰু আজিৰ অসম" শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হয় ৷ এই গ্ৰন্থ উন্মোচন কৰে বৰমা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ গদাধৰ বড়োৱে ৷

Special greetings ceremony at Baksha
বাক্সাত অসম সন্মিলিত মহাসংঘৰ উদ্যোগত লাচিত দিৱস পালন

বৰমা,24নবেম্বৰঃ মঙলবাৰে বাক্সা জিলাৰ বৰমা ছোৱালী হাইস্কুলত অসম সন্মিলিত মহাসংঘই শৰাইঘাটৰ মহাৰণৰ 349 বছৰ উপলক্ষে আয়োজন কৰে বিশেষ অভিবাদন অনুষ্ঠান ৷ পুৱা লাচিত বৰফুকন, বাঘ হাজৰিকা, ৰজা চক্ৰধ্বজ সিংহ আৰু উদয়াদিত্য সিংহৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলেনেৰে অনুষ্ঠান আৰম্ভ কৰা হয় ৷ তদুপৰি অনুষ্ঠানত ৰফিউল হুছেইন বৰুৱাৰ "মোৱামৰীয়া গণ অভ্যুত্থান ধৰ্মীয় মেৰপাক আৰু আজিৰ অসম" শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হয় ৷ এই গ্ৰন্থখন উন্মোচন কৰে বৰমা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গদাধৰ বড়োৱে ৷

বাক্সাত অসম সন্মিলিত মহাসংঘৰ উদ্যোগত বিশেষ অভিবাদন অনুষ্ঠান

ইপিনে অনুষ্ঠানত উপস্থিত থাকি অসম সন্মিলিত মহাসংঘৰ সভাপতি মতিউৰ ৰহমানে কয় যে, অসমৰ নতুন প্ৰজন্মই কি দৰে দেশ আৰু জাতিৰ বাবে যুঁজ দিয়াৰ প্ৰয়োজন আছে, ৰাজনৈতিক ভাৱে আৰু সামজিক ভাৱে কেনে ধৰণৰ কাৰ্য্যপন্থা হাতত লব লাগে সেই উদ্দেশ্যে সন্মিলিত মহাসংঘই প্ৰতিকী হিচাপে লাচিত বৰফুকনৰ জন্ম দিনটোত বিশেষ অভিৱৰ্তন অনুষ্ঠানৰ আয়োজন কৰি আহিছে ৷ তদুপৰি ৰহমানে অসমত থকা খিলঞ্জীয়াৰ অধিকাৰ যাতে কোনো কাৰণতে খৰ্ব নহয় তাৰ বাবে সন্মিলিত মহাসংঘই যুঁজ দি যাব বুলিও মন্তব্য কৰে ৷

লগতে পঢ়কঃ প্ৰমোদ বড়ো আৰু ইউ জি ব্ৰহ্মৰ শোকপ্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.