ETV Bharat / state

বাক্সাত উপস্থিত মেগচেছে বঁটা প্ৰাপক সোনম ৱাংচুক - লাডাখৰ শিক্ষা ব্যৱস্থা

সোনম ৱাংচুক দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে বিটিআৰত উপস্থিত হৈছে ৷ শুকুৰবাৰে সন্ধিয়া বাক্সা জিলাৰ মুছলপুৰৰ নিকটৱৰ্তী খাৰুৱাজানত এখনি শৈক্ষিক কৰ্মশালা অনুষ্ঠিত হৈ যায়। বিটিআৰৰ চাৰিখন জিলাৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰধান সকলৰ সৈতে শিক্ষা বিভাগৰ উন্নতিৰ হকে মেগচেছে বঁটাপ্ৰাপক সোনম ৱাংচুকে এক মত-বিনিময় অনুষ্ঠানত ভাগ লয় ৷

বাক্সাত উপস্থিত মেগচেছে বঁটা প্ৰাপক সোনম ৱাংচুক

author img

By

Published : Jan 30, 2021, 10:35 AM IST

Updated : Jan 30, 2021, 6:47 PM IST

বাক্সা,৩০জানুৱাৰী: বিটিচিৰ শিক্ষা বিভাগৰ উদ্যোগত শুকুৰবাৰে সন্ধিয়া বাক্সা জিলাৰ মুছলপুৰৰ নিকটৱৰ্তী খাৰুৱাজানত এখনি শৈক্ষিক কৰ্মশালা অনুষ্ঠিত হৈ যায়। বিটিআৰৰ চাৰিখন জিলাৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰধান সকলৰ সৈতে শিক্ষা বিভাগৰ উন্নতিৰ হকে মেগচেছে বঁটাপ্ৰাপক সোনম ৱাংচুকে এক মত-বিনিময় অনুষ্ঠানত ভাগ লয় ৷ সভাত বিটিআৰৰ চৰকাৰী শিক্ষা ব্যৱস্থাক কি দৰে পৰিৱৰ্তন কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰে ৷ প্ৰায় তিনি সহস্ৰাধিক শিক্ষকৰ সম্মুখত বিশিষ্ট সমাজসেৱক সোনম ৱাংচুকে মননশীল ভাষণ প্ৰদান কৰে ৷

সোনম ৱাংচুক

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত দেশৰ আগশাৰীৰ বিশিষ্ট সমাজ সেৱক,অভিযন্তা তথা উদ্ভাৱক লাডাখৰ সোনম ৱাংচুকে শৈক্ষিক দিশ সম্পৰ্কে ভাষণত শিক্ষা ব্যৱস্থাটোৰ কি দৰে পৰিৱৰ্তন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত গঢ়িব পাৰি সেই বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায় ৷ বিশিষ্ট সমাজ সেৱক, শিক্ষাবিদ গৰাকীয়ে লাডাখৰ শিক্ষা ব্যৱস্থাৰ কথা উল্লেখ কৰি কাৰিকৰী শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷ তেওঁ মাতৃভাষাৰ শিক্ষাৰ ওপৰত গুৰুত্ব দি ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ শৈক্ষিক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষানীতি কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰিব লাগে বুলিও মন্তব্য কৰে ৷

প্ৰমোদ বড়ো

সভাৰ শেষত বিটিআৰৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ আমুল পৰিৱৰ্তনৰ বাবে বিটিচিৰ শিক্ষা বিভাগে এনে ধৰনৰ মননশীল কাৰ্যসূচী হাতত লোৱা বুলি বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ তেওঁ বিটিআৰৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন আনি কাৰিকৰী শিক্ষাত গুৰুত্ব প্ৰদান কৰিব বুলিও সদৰি কৰে ৷ ছাত্ৰ- ছাত্ৰী সকলৰ নিজস্ব প্ৰতিভা অনুসৰি শিক্ষা প্ৰদানৰ বাবে বিটিচি পৰিষদে এক বিশেষ আঁচনি ৰূপায়ন কৰিব বুলি প্ৰমোদ বড়োৱে জানিবলৈ দিয়ে ৷ আনকি বিটিচি পৰিষদে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰক চাইকেল লগতে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীক স্কুল বেগ প্ৰদানৰ এক আঁচনি লোৱা বুলিও বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে উল্লেখ কৰে ৷ বিটিচিৰ প্ৰধান সচিব সিদ্ধাৰ্থ সিঙে আঁতধৰা সভাখনত বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্য ক্ৰমে ঘনশ্যাম দাস আৰু দিগন্ত বৰুৱাও অংশগ্রহণ কৰে ৷

লগতে পঢ়কঃ বিটিআৰত উপস্থিত হ'ল 3 idiots ৰ আঁৰত থকা প্ৰকৃত ব্যক্তিজন

Last Updated : Jan 30, 2021, 6:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.