ETV Bharat / state

নাগ্ৰীজুলিত সৌৰশক্তি চালিত বৈদ্যুতিক বেৰৰ শুভ উদ্বোধন

author img

By

Published : Feb 6, 2021, 5:36 PM IST

হাতী মানুহৰ সংঘাত ৰোধৰ উদ্দেশ্যে বাক্সা জিলাৰ নাগ্ৰীজুলি অঞ্চলত মুকলি কৰা হৈছে বিশেষ ব্যৱস্থা ৷ ভাৰত-ভূটান সীমান্তৰ পূব গয়বাৰীৰত শুকুৰবাৰে মুকলি কৰা হৈছে 18 কিলোমিটাৰ দৈৰ্ঘৰ বৈদ্যুতিক বেৰৰ ব্যৱস্থা ৷

olar-electrical-fancing-inaugurated-at-nagrijuli-to-control-man-elephant-conflict
নাগ্ৰীজুলিত সৌৰশক্তি চালিত বৈদ্যুতিক বেৰৰ শুভ উদ্বোধন

বাক্সা,6 ফেব্ৰুৱাৰী: বাক্সা জিলাৰ নাগ্ৰীজুলি অঞ্চলত হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে ভাৰত-ভূটান সীমান্তৰ পূব গয়বাৰীত মুকলি কৰা হৈছে বিশেষ ব্যৱস্থা ৷ হাতী-মানুহৰ সংঘাত ৰোধৰ উদ্দেশ্যে শুকুৰবাৰে পূব গয়বাৰীৰ পৰা নাগ্ৰীজুলিৰ পিপলনীলৈকে 18 কিলোমিটাৰ দৈৰ্ঘৰ বৈদ্যুতিক বেৰৰ শুভাৰম্ভ কৰা হয় ৷ এই উপলক্ষে নাগ্ৰীজুলি আৰক্ষী চকী চৌহদত শুকুৰবাৰে দিনত অনুষ্ঠিত হয় এখন বিশেষ সভা ৷ অৰণ্যকৰ কৰ্মকৰ্তা জয়ন্ত পাঠকে আঁত ধৰা সভাত তামূলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰী, বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী,বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ন দাস, বাক্সা জিলা বন সংমণ্ডল বিষয়া দিপুল বৰ্মন, অৰণ্যকৰ সঞ্চালক ড৹ বিভৱ তালুকদাৰ আৰু বিষয়-ববীয়া সকল উপস্থিত থাকে ৷ সভাত ড৹ বিভৱ তালুকদাৰে উল্লেখ কৰে যে, বিগত 32 বছৰে বন্যপ্ৰাণী আৰু বন সুৰক্ষাৰ বাবে অৰণ্যকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাম কৰি আহিছে ৷ হাতী-মানুহৰ সংঘাত ৰোধৰ উপৰিও ভবিষ্যতে যাতে অঞ্চলটোত পানীৰ সমস্যা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অৰণ্যকে কাম কৰি আহিছে ৷

আনহাতে সভাত উপস্থিত থাকি তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীয়ে কয় যে, হাতী-মানুহৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিগত 2012 চনৰ পৰাই চেষ্টা চলাই অহা হৈছিল ৷ অৰণ্যকৰ সৌজন্যত নাগ্ৰীজুলিত সৌৰশক্তি চালিত বৈদ্যুতিক বেৰ (ই- ফেনছিং) স্থাপন হোৱাৰ পিছত এই সমস্যা যথেষ্ট পৰিমাণে হ্ৰাস পাব বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ ইফালে সভাত উপস্থিত থাকি বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে কয় যে,"হাতী-মানুহৰ সংঘাত মানুহৰ দ্বাৰা সৃষ্টি কৰা এটা সমস্যা৷ মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত ৰোধ কৰাৰ লগতে মানুহ-মানুহৰ মাজতো সংঘাত দূৰ কৰাটো হ'ব বিটিআৰ চৰকাৰৰ আন এক গুৰুত্বপূৰ্ণ বিষয় "৷

আনহাতে বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ন দাসে বনাঞ্চলৰ কাষত বসবাস কৰা লোক সকলক হাতীৰ প্ৰিয় খাদ্যৰ খেতি নকৰি অন্য বিকল্প খেতি কৰিবলৈ আহ্বান জনায় ৷ লগতে বৈদ্যুতিক বেৰৰ ব্যাৱস্থা বহল ভিত্তিত লবলৈ বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীক আহ্বান জনায় ৷ উক্ত সভাত পূব গুৱাবাৰীৰ পৰা পিপলেনীলৈকে পাঁচখন সমিতিৰ হাতত ই-ফেনছিং চোৱা-চিতা আৰু সংৰক্ষণৰ দায়িত্ব আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় ৷

লগতে পঢ়কঃ ইকো-টুৰিজিম সংবৰ্ধনৰ লক্ষ্যৰে মুকলি "প্ৰজেক্ট যাযাবৰ"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.