ETV Bharat / state

বিটিচি নিৰ্বাচনী প্ৰস্তুতিত ব্যস্ত শালবাৰী মহকুমা প্ৰশাসন

বাক্সাৰ শালবাৰী মহকুমা প্ৰশাসনে তীব্র গতিৰে চলাইছে বিটিচি নিৰ্বাচনী প্ৰস্তুতি ৷ মহকুমাটোত 1,35,776 গৰাকী ভোটাৰে লাভ কৰিব ভোটদানৰ সুবিধা ৷

বিটিচি নিৰ্বাচনী প্ৰস্তুতিত ব্যস্ত শালবাৰী মহকুমা প্ৰশাসন
শালবাৰী মহকুমাৰ নিৰ্বাচনী বিষয়া
author img

By

Published : Nov 24, 2020, 6:38 PM IST

বৰমা, 24 নৱেম্বৰ : সমগ্ৰ বিটিএডিত বিটিচি নিৰ্বাচন সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে বিটিএডিৰ চাৰিখন জিলাতেই তৎপৰতা বৃদ্ধি হোৱাৰ সমান্তৰালকৈ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ দুটা পৰিষদীয় সমষ্টিৰ বাবেও মহকুমা প্ৰশাসনে নিৰ্বাচনী প্ৰস্তুতি তীব্ৰ গতিৰে আগবাঢ়াইছে ৷ বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত, ভাৰপ্ৰাপ্ত শালবাৰী মহকুমাৰ মহকুমাধিপতি তথা নিৰ্বাচনী বিষয়া নিত্য বিনোদ ওৱাৰীয়ে সংবাদ মাধ্যমক সদৰি কৰে যে, "শালবাৰী মহকুমাৰ অন্তৰ্গত দুটা পৰিষদীয় সমষ্টিৰ 20 নং মথনগুৰি পৰিষদীয় সমষ্টি(মুকলি) ত 78 টা ভোট কেন্দ্ৰ আৰু 21 নং শালবাৰী পৰিষদীয় সমষ্টি(জনজাতি) ত 95 টা ভোট কেন্দ্ৰকে ধৰি মুঠ 173 টা ভোটকেন্দ্ৰ আছে । ইয়াৰ ভিতৰত 4 টা ভোট কেন্দ্ৰ নিৰাপদ, 64 টা ভোট কেন্দ্ৰ তুলনামূলকভাৱে নিৰাপদ, 73 টা ভোট কেন্দ্ৰ স্পৰ্শকাতৰ আৰু 42 টা ভোট কেন্দ্ৰ অতি স্পৰ্শকাতৰ বুলি মহকুমা আৰক্ষীয়ে চিনাক্ত কৰি উলিয়াইছে ।"

বিটিচি নিৰ্বাচনী প্ৰস্তুতিত ব্যস্ত শালবাৰী মহকুমা প্ৰশাসন

মথনগুৰি পৰিষদীয় সমষ্টিত 2 টা মণ্ডল আৰু 6 খণ্ডত শালবাৰী পৰিষদীয় সমষ্টিত 2 টা মণ্ডল আৰু 7 টা খণ্ডত ভাগ কৰা হৈছে বুলি উল্লেখ কৰি নিৰ্বাচনী বিষয়া নিত্য বিনোদ ওৱাৰীয়ে পুনৰ কয়, "মথনগুৰি পৰিষদীয় সমষ্টিত 33,565 গৰাকী পুৰুষ আৰু 30,919 গৰাকী মহিলা ভোটাৰকে ধৰি মুঠ 64,484 গৰাকী ভোটাৰ থকাৰ বিপৰীতে শালবাৰী পৰিষদীয় সমষ্টিত 36,904 গৰাকী পুৰুষ আৰু 34,388 গৰাকী মহিলা ভোটাৰকে ধৰি মুঠ 71,292 গৰাকী ভোটাৰ আছে ।

অৰ্থাৎ মথনগুৰি আৰু শালবাৰী দুয়োটা পৰিষদীয় সমষ্টিত 70,469 গৰাকী পুৰুষ আৰু 65,307 গৰাকী মহিলা ভোটাৰকে ধৰি সৰ্বমুঠ 1,35,776 গৰাকী ভোটাৰে ভোটদানৰ সুযোগ লাভ কৰিব । উল্লেখ্য যে, 2015 চনত মথনগুৰি পৰিষদীয় সমষ্টিত মুঠ 52,642 গৰাকী আৰু শালবাৰী পৰিষদীয় সমষ্টিত মুঠ 61,073 গৰাকী ভোটাৰকে ধৰি সৰ্বমুঠ 1,13,715 গৰাকী ভোটাৰে ভোটদানৰ সুযোগ লাভ কৰিছিল । মথনগুৰি পৰিষদীয় সমষ্টিত মুঠ 12 গৰাকী প্ৰাৰ্থী আৰু শালবাৰী পৰিষদীয় সমষ্টিত মুঠ 4 গৰাকীকে ধৰি সৰ্বমুঠ 16 গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈ নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিব বুলিও নিৰ্বাচনী বিষয়া ওৱাৰীয়ে সংবাদ মাধ্যমক জানিব দিয়ে । তেওঁ এই বিটিচি নিৰ্বাচনত 398 টা ডাঙৰ আৰু 26 টা মধ্যম বেলট বাকচকে ধৰি মুঠ 424 টা বেলট বাকচ ব্যৱহাৰ কৰিব বুলি উল্লেখ কৰি মথনগুৰি পৰিষদীয় সমষ্টিৰ বাবে 70,932 খন আৰু শালবাৰী পৰিষদীয় সমষ্টিৰ বাবে 78,421 খন বেলট কাকতকে ধৰি সৰ্বমুঠ 1,49,353 খন বেলট কাকতৰ ব্যৱস্থা কৰাৰ কথাও সদৰি কৰে ।

লগতে পঢ়ক : ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.