বাক্সা, 25 মেঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ কাটাঝাৰ আঞ্চলিক সমিতিৰ একাংশ নেতাই সাংবাদিকক উদ্দেশ্যি অশোভনীয় মন্তব্য কৰা সন্দৰ্ভত শালবাৰী মহকুমা বৈদ্যুতিন সাংবাদিক সন্থাৰ পৰা আমছুৰ কেন্দ্ৰীয় সমিতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ । উল্লেখ্য যে, শালবাৰী মহকুমা বৈদ্যুতিন সাংবাদিক সন্থাৰ সাংবাদিকে বৰপেটা জিলাৰ কাটাঝাৰত আমছুৰ কাটাঝাৰ আঞ্চলিক সমিতিৰ একাংশ সদস্যই অবৈধ কুৱেৰীৰ শিল-বালি কঢ়িওৱা ডাম্পাৰ-ট্ৰেক্টৰ আদিৰ পৰা উকা ৰচিদ ব্যৱহাৰ কৰি ধন সংগ্ৰহৰ বাতৰি প্ৰকাশ কৰিছিল ।
চালকৰ অভিযোগৰ ভিত্তিতেই সাংবাদিকে প্ৰকাশ কৰিছিল এই বাতৰি । কিন্তু আমছুৰ বৰপেটা জিলা সমিতিৰ সভাপতি মহম্মদ ছফিউৰ ৰহমানে 'Social Talks' আৰু 'Assam Live24' নামৰ দুটা ৱেব পোৰ্টেলৰ জৰিয়তে উক্ত বাতৰিটো সম্পূৰ্ণ ভিত্তিহীন বুলি মন্তব্য কৰি বাতৰি পৰিৱেশন কৰা সাংবাদিকক উদ্দেশ্যি অশোভনীয় মন্তব্য কৰে ।
ইয়াৰ পিছতেই শালবাৰী মহকুমা বৈদ্যুতিন সাংবাদিক সন্থাই সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিক ঘটনা সম্পৰ্কে অবগত কৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰে । সাংবাদিকক উদ্দেশ্যি অশোভনীয় মন্তব্য কৰা আমছুৰ বৰপেটা জিলা সমিতিৰ সভাপতি গৰাকীক নিজৰ ভুল স্বীকাৰ কৰাৰ দাবী উত্থাপন কৰে । অন্যথা সন্থাৰ কোনো সাংবাদিকে ভৱিষ্যতে আমছুৰ কোনো বাতৰি পৰিৱেশন নকৰাৰ হুংকাৰ প্ৰদান কৰে ।
লগতে পঢ়ক- বিমানযাত্ৰীক আদৰিবলৈ সাজু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ