বাক্সা, 18 জানুৱাৰী : বিটিআৰৰ স্বাস্থ্য বিভাগৰ দায়িত্ব লৈয়ে চিকিৎসালয়ে চিকিৎসালয়ে চাডেন ভিজিট বিটিচিৰ কার্যবাসী সদস্য অৰূপ কুমাৰ দে’ৰ । চিকিৎসালয়ত অনুপস্থিত থকা বিষয়া-কৰ্মচাৰীক কঠোৰ সকিয়নীৰ লগতে অনুপস্থিত থকা বিষয়া-কৰ্মচাৰীক ফোনযোগে সুধিলে কাৰ্যালয়ত অনুপস্থিতিৰ কাৰণ ।
মহকুমাটোৰ কেইবাখনো চিকিৎসালয়ত হঠাৎ এইদৰে আকস্মিক পৰিদৰ্শন কাৰ্যবাহী সদস্য গৰাকীৰ । বিটিআৰৰ চাৰিখন জিলাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু অসামৰিক চিকিৎসালয় সমূহ দ্ৰুত গতিত ৰাইজৰ বাবে সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে এই পদক্ষেপ কাৰ্যবাহী সদস্য গৰাকীৰ ।
বিটিআৰৰ প্ৰতিটো অঞ্চলত অচল হৈ থকা চিকিৎসালয় সমূহ পুনৰ কাৰ্যকৰী কৰি নিযুক্তি দিয়া হ'ব উপযুক্ত চিকিৎসক নাৰ্ছৰ । লগতে, বহু কেইখন চিকিৎসালয়ত নতুনকৈ সংযোজন কৰা হ'ব আপাতকালীন এম্বুলেঞ্চ সেৱা । ইফালে, BTR ৰ প্ৰত্যেকটো VCDC ত বিনামূলীয়া চিকিৎসা শিবিৰ কৰা হ'ব বুলিও মন্তব্য বিষয়া গৰাকীৰ ।
লগতে পঢ়ক : পত্নীক হত্যা কৰি বস্তাত ভৰাই লুকুৱাই থৈ পলায়ন স্বামীৰ