ETV Bharat / state

বাক্সাৰ মুছলপুৰৰ ৰাজপথত স্বেচ্ছাসেৱী সংগঠনৰ পথ সুৰক্ষা অভিযান

author img

By

Published : Jan 6, 2021, 6:03 PM IST

ৰাজ্যৰ পৰিবহণ বিভাগে চালক আৰু পৰিচালক সকলৰ কাৰণে বিভিন্ন নিয়ম বান্ধি দিয়াৰ পাচতো একাংশ চালকে কোনোপধ্যে মানিব নোখোজে ৰাজপথৰ নিয়ম, সেয়েহে সঘনাই সংঘটিত হয় পথ দুৰ্ঘটনা ৷ বুধবাৰে বাক্সা জিলা পৰিবহণ বিভাগৰ উদ্যোগত আৰু নেদফিল্মচ নামৰ এটা ব্যক্তিগত স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ৰাজপথত সজাগতা সৃষ্টিৰ বাবে গ্ৰহন কৰে বাটৰ নাট কাৰ্যসূচী ৷

Road safety drive of voluntary organizations on the street of Baksha Musalpur
বাক্সাৰ মুছলপুৰৰ ৰাজপথত স্বেচ্ছাসেৱী সংগঠনৰ পথ সুৰক্ষা অভিযান

বাক্সা, ৬ জানুৱাৰী: ৰাইজৰ অসাৱধানতাৰ বাবেই ৰাজপথত সঘনাই সংঘটিত হয় পথ দুৰ্ঘটনা । যাৰ ফলত বহু লোকে হেৰুৱাইছে তেওঁলোকৰ মূল্যবান জীৱন । ৰাজ্যৰ পৰিবহণ বিভাগে চালক আৰু পৰিচালক সকলৰ কাৰণে বিভিন্ন নিয়ম বান্ধি দিছে যদিও সেয়া যেন কোনোপধ্যে মানিব নোখোজে একাংশ চালকে । হেলমেট আৰু চিটবেল্ট পৰিধান নকৰাৰ বাবেও পথ দুৰ্ঘটনাত বহু লোকে হেৰুৱাইছে প্ৰাণ ৷ বিভিন্ন সময়ত স্বেচ্ছাসেৱী সংগঠনৰ লগতে বিভাগীয় কৰ্তৃপক্ষই সজাগতা মূলক ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সজাগ নহয় সাধাৰন ৰাইজ ৷

বুধবাৰে বাক্সা জিলা পৰিবহণ বিভাগৰ উদ্যোগত আৰু নেদফিল্মচ নামৰ এটা ব্যক্তিগত স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত জিলা খনৰ মুছলপুৰৰ ৰাজপথত সজাগতা সৃষ্টিৰ বাবে কাৰ্যসূচী গ্ৰহন কৰে । গুৱাহাটীৰ পৰা অহা নেদফিল্মচ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ৰাইজৰ মাজত বাটৰ নাট, নৃত্য আৰু পুস্তিকা বিতৰণ কৰে । হেলমেট আৰু চিটবেল্ট পৰিধান নকৰা আৰু যান বাহন আইন নমনা চালক সকলক হেলমেট আৰু চিটবেল্ট পিন্ধিবলৈ অনুৰোধ জনাই সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ৷

লগতে পঢ়ক: বঙাইগাঁৱৰ এগৰাকী বৃদ্ধা মহিলাৰ কৰণ জীৱন গাঁথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.