ETV Bharat / state

বাক্সাৰ তামুলপুৰত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

author img

By

Published : May 23, 2021, 3:23 PM IST

Updated : May 23, 2021, 5:39 PM IST

বাক্সা জিলা তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰত উদ্বাৰ বৃহৎ পৰিমাণ অস্ত্ৰ ভাণ্ডাৰ ৷ আৰক্ষীয়ে আটক কৰিছে কেইবাজনো লোকক ৷

বাক্সা জিলাত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ
বাক্সা জিলাত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

বাক্সা, ২৩ মে’ : বাক্সা জিলাৰ তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ দৰঙা নৈৰ পাৰত পুতি থোৱা অৱস্থাত উদ্বাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ । তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা আৰু তামুলপুৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দ্বীপেন কলিতাৰ নেতৃত্বত চোলোৱা হয় এই অভিযান ৷

অভিযানত উদ্ধাৰ হৈছে হেণ্ড গ্ৰেনেড 10 টা, 6 টা নাইন এম এম পিষ্টলৰ সজীৱ গুলী , এ কে 47 ৰ খালী মেগজিন এটা, এ কে 47 ৰ সজীৱ গুলী 235 টা, লিভাৰ 9 টা, ডিটেনেটৰ 3 টা আৰু ৰিভলভাৰ ৷ দেওবাৰে পুৱতি নিশা তিনি বজাৰ পৰা তামুলপুৰ আৰক্ষীয়ে চলাইছিল মাৰাথান অভিযান । ইতিমধ্যে ঘটনা সন্দৰ্ভত আটক কৰিছে চাৰিজনকৈ লোকক ।

এন.কে. দৰংগাজুলীৰ বেথেলা মুছাহাৰী (৩৯), কালজাৰৰ বিলাচ ওৱাৰী (২৮) ,কাতাজাৰ গাঁৱৰ সৌমখৌৰ মোছাহাৰী (৩১) আৰু হৰতালা গাঁ’ৰ ৰাজ বসুমতাৰী(24) বুলি জানিব পৰা গৈছে ৷ গ্ৰেপ্তাৰ কৰা চাৰিওজন লোকক ন্যায়িক জিম্মাত প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক : আংশিক লক ডাউনে জুৰুলা কৰিছে দুগ্ধ ব্যৱসায়ীক

Last Updated : May 23, 2021, 5:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.