বৰপেটা, 28 জানুৱাৰীঃ বাক্সা জিলাৰ গোৱৰ্ধনাৰ কাউৰপাৰা গাঁৱত সংঘটিত হয় সভ্য সমাজক লজ্জানত কৰা এক ঘটনা ৷ এগৰাকী 65 বছৰীয়া বৃদ্ধৰ যৌন কামনাৰ বলি হ'ল 9 বছৰীয়া এটি শিশু ৷
লক্ষ্যণীয় যে,ভুক্তভোগী শিশুটি বৃদ্ধজনৰ নিজ ভাগিনীয়েকৰ সন্তান ৷ অভিযোগ অনুসৰি বাক্সা জিলাৰ শিমলাগুৰি আৰক্ষী চকীৰ অন্তৰ্গত কাউৰপাৰা গাঁৱৰ কাজী আব্দুল ৰফিক নামৰ বৃদ্ধগৰাকীয়ে যৌন আতিশয্য চলাইছিল নিজ ভাগিনীয়েকক ৷ কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত হে পোহৰলৈ আহে অভিযুক্ত বৃদ্ধ কাজী আব্দুল ৰফিকৰ দুষ্কাৰ্য ৷
পিচত পৰিয়াল আৰু গাঁৱৰ লোকে খবৰ দিয়ে আৰক্ষীক ৷ শিমলাগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অতি তৎপৰতাৰে গ্ৰেপ্তাৰ কৰে লম্পট কাজী আব্দুল ৰফিকক ৷ সম্প্ৰতি ৰঙাঘৰৰ আলহী এই বৃদ্ধৰ দুষ্কাৰ্যৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ স্থানীয় ৰাইজে অভিযুক্তটোৰ কঠোৰ শাস্তিৰ দাবী তুলিছে ৷
লগতে চাওক- নিৰ্ভয়া কাণ্ডঃ ফাঁচীকাঠৰ পূৰ্বে আজি অন্তিমটো শুনানি