ETV Bharat / state

বাক্সাৰ মুছলপুৰত ৰন্ধন কৰ্মীৰ প্ৰতিবাদ - সমগ্ৰ দেশজুৰি ৰন্ধন কৰ্মীসকলে বৃহস্পতিবাৰে বিক্ষোভ কাৰ্য্যসূচী

বাক্সাৰ মুছলপুৰত ৰন্ধন কৰ্মীৰ বিক্ষোভ কাৰ্য্যসূচী । সমগ্ৰ দেশজুৰি ৰন্ধন কৰ্মীসকলে বৃহস্পতিবাৰে বিক্ষোভ কাৰ্য্যসূচী হাতত লৈছে ।

বাক্সাৰ মুছলপুৰত ৰন্ধন কৰ্মীৰ প্ৰতিবাদ
বাক্সাৰ মুছলপুৰত ৰন্ধন কৰ্মীৰ প্ৰতিবাদ
author img

By

Published : Jan 21, 2021, 3:18 PM IST

বাক্সা, ২১ জানুৱাৰী: বাক্সা জিলাৰ মুছলপুৰত বৃহস্পতিবাৰে ৰন্ধন কৰ্মীসকলৰ উত্তাল প্ৰতিবাদ । সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ বাক্সা মুছলপুৰ শিক্ষা খণ্ডৰ তৰফৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচী উলিওৱা হয় । কেন্দ্রীয় চৰকাৰৰ মধ্যাহ্ন ভোজন আঁচনিৰ জৰিয়তে ৰন্ধন কৰ্মীসকলক ২০০৯ চনৰ ডিচেম্বৰ মাহৰ পৰা এতিয়ালৈ মাত্ৰ ১,০০০ টকাকৈ মাননি দি আহিছে । ১০ বছৰ অতিক্রম কৰাৰ পিছতো তেওঁলোকক চৰকাৰে মাননি বঢ়াই নিদিয়াত ক্ষোভিত হৈ পৰাত আজি সমগ্ৰ দেশতে ৰন্ধন কৰ্মীসকলে এই বিক্ষোভ কাৰ্য্যসূচী হাতত লৈছে ।

https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-baksa-dharna-vis1-to-vis4-as10029_21012021135534_2101f_1611217534_859.jpg
বাক্সাৰ মুছলপুৰত ৰন্ধন কৰ্মীৰ বিক্ষোভ কাৰ্য্যসূচী

দিল্লীত কৃষকসকলে যেনেদৰে ৩ খনকৈ কৃষি আইন বাতিলৰ দাবীত সংগ্রাম কৰি আহিছে ঠিক তেনেদৰে ৰন্ধন কৰ্মীসকলেও তেওঁলোকৰ দাবী সমূহ মানি নোলোৱা পৰ্যন্ত চৰকাৰৰ ওচৰত আন্দোলন কৰি যাব বুলি হুংকাৰ দিয়ে । এই প্ৰতিবাদৰ জৰিয়তে ৰন্ধন কৰ্মীসকলে মাননিৰ সলনি মজুৰি হিচাপে পাবলৈ, ৰন্ধন কৰ্মীসকলক চিকিৎসাৰ সু বৱস্থা কৰা, চৰকাৰী পেঞ্চন সাহাৰ্য্য দিয়া আদি চৰকাৰৰ ওচৰত দাবী জনায় ।

ইন ক্লাব জিন্দাবাদ, বাক্সা জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী জিন্দাবাদ, মুছলপুৰ শিক্ষা খণ্ড ইউনিয়ন জিন্দাবাদ, ৰন্ধন কৰ্মচাৰীক মাননিৰ সলনি মজুৰি দিয়াৰ ব্যৱস্থা কৰক, পেঞ্চন দিয়াৰ ব্যৱস্থা কৰক আদি শ্লোগানেৰে মুছলপুৰৰ পৰিৱেশ উত্তপ্ত কৰি তোলে ।

লগতে পঢ়ক: এনআৰচিত নাম নাথাকিলেও দিব পাৰিব ভোট

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.