বাক্সা, 5 আগষ্ট : বহু অপেক্ষাৰ অন্ত পেলাই আজি অযোধ্যা নগৰীত নিৰ্মাণ হ'ব লগা ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজন উপলক্ষ্যে তামুলপুৰ মহকুমা সদৰস্থ বৰখোপা হনুমান মন্দিৰ চৌহদত আজি সন্ধিয়াৰ ভাগত আৱতৰীয়া দীপাৱলীৰ পৰিবেশ পৰিলক্ষিত হয় । তামুলপুৰ মহকুমা সদৰস্থ বৰখোপাত অৱস্থিত হনুমান মন্দিৰ চৌহদত আজি আন্তঃৰাষ্ট্ৰীয় বজৰংগ দল আৰু স্থানীয় ভক্তপ্ৰানসকলে মন্দিৰৰ সন্মুখত ঘন্টা বজাই,শঙ্খ ধ্বনিৰ সৈতে সহস্ৰাধিক বন্তি প্ৰজ্বলন কৰাৰ লগতে ভক্তসকলৰ মাজত লাডু প্ৰসাদ বিতৰণ কৰে । ইয়াৰ উপৰি তামুলপুৰ মহকুমাৰ সদৰস্থ বৰখোপা বাৰেইগাওঁ,চোকামৰী,এঘাৰ মাইল,গেৰুৱা আদিত প্ৰতি পৰিয়ালৰ লোকসকলেও ঘৰৰ সন্মূখত বন্তি প্ৰজ্বলন কৰা দেখা যায় ৷ আজিৰ অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় বজৰংগ দলৰ উপ সভাপতি মহেশ্বৰ বসুমতাৰী,সহঃ সম্পাদক দয়াল দাস, বাক্সা জিলা সভাপতি জিতেন তালুকদাৰ,সম্পাদক দীনেশ ৰাজবংশী সহ আন কাৰ্যকৰ্তা সকলৰ উপৰিও তিনিশতাধিক ভক্তপ্ৰান ৰাইজ উপস্থিত থাকে ৷ আনহাতে তামুলপুৰ প্ৰখণ্ড আৰু এছএছবিৰ শিবিৰতো আজি বন্তি প্ৰজলন কৰা হয় ৷ আনপিনে ভাৰতীয় যুৱ মৰ্চা,উত্তৰ কামৰূপ জিলা ৰঙিয়া আৰু গোৰেশ্বৰ মণ্ডলৰ উদ্যোগত পালিত হয় মহোৎসৱ ৷ গোৰেশ্বৰ টাউন হনুমান মন্দিৰ প্ৰাঙ্গণত মহোৎসৱ উপলক্ষে দুই হাজাৰ বন্তি প্ৰজ্বলন কৰে ৷ জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হয় গোৰেশ্বৰ ৷
লগতে পঢ়কঃ অযোধ্যাৰ ভূমি পূজনৰ পাচতে ডিফু, বকলীয়া ঘাটত আৱতৰীয়া দেৱালী