বাক্সাত উদ্ধাৰ দুষ্প্ৰাপ্য অজগৰ - Tamulpur
বাক্সাৰ তামুলপুৰত উদ্ধাৰ অজগৰ ৷ ৰমেন দাস নামৰ এগৰাকী ব্যক্তিৰ খেতিপথাৰত পাতি থোৱা জালত বন্দী হয় অজগৰটো ৷
![বাক্সাত উদ্ধাৰ দুষ্প্ৰাপ্য অজগৰ Python rescue at baksa assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7457082-thumbnail-3x2-a.jpg?imwidth=3840)
উদ্ধাৰ দুষ্প্ৰাপ্য অজগৰ
বাক্সা,3 জুন: বাক্সাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত লতিবাৰীৰ দোৱামাখাত বুধবাৰে উদ্ধাৰ হৈছে এটা দুষ্প্ৰাপ্য অজগৰ ৷ গাঁৱখনৰ ৰমেন দাস নামৰ কৃষকগৰাকীৰ খেতিপথাৰত উদ্ধাৰ হোৱা সাপটোৰ আনুমানিক দৈৰ্ঘ প্ৰায় ৪ ফুট ৷ জানিব পৰা অনুসৰি,দাসে খেতিপথাৰত পাতি থোৱা জালত বন্দী হয় অজগৰটো ৷ স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰা অনুসৰি বিগত কিছুদিন পূৰ্বে নেৰানেপেৰা বৰষুণৰ ফলত ভূটান পাহাৰৰ পৰা অহা বৰষুণৰ পানীয়ে উটুৱাই আনে সাপটো । ইতিমধ্যে স্থানীয় ৰাইজে অজগৰটো গটাই দিবলৈ যোগাযোগ কৰিছে বন বিভাগৰ হাতত ৷
উদ্ধাৰ দুষ্প্ৰাপ্য অজগৰ
লগতে চাওকঃ ভুৱা আশ্বাসত পৰিণত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি