তামুলপুৰ, 3 আগষ্ট : তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও পুনৰ পুঠিমাৰী নৈৰ খহনীয়াৰ কবলত ৷ খহনীয়াৰ ফলত ইতিমধ্যে
বহুতো মানুহে ঘৰ বাৰি হেৰুৱাৰ উপৰিও নৈত জাহ গৈছে বহু বিঘা কৃষিভূমি। বিপজ্জনক অৱস্থাত আছে গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নিজকোছোলা গাঁও ৷ বৰ্তমানৰ ধৰণেৰে যদি নৈ খন বৈ থাকে তেনেহ'লে ভৱিষ্যতে গাওঁখন নৈৰ বুকুত জাহ যোৱাটো নিশ্চিত ৷ যোৱাটো বানৰ পিছতে গাঁও খনত ক্ষতিগ্ৰস্তৰ খবৰ ল'বলৈ আহি নৈ খন পূৰ্বৰ গতি পথৰে বোৱাই নিয়াৰ ব্যৱস্থা হাতত ল'ব বুলি প্ৰতিশ্ৰুতি দিছিল বিটিএডিৰ স্থানীয় কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে ৷ সেই মৰ্মে সদস্য গৰাকীয়ে বৃহস্পতিবাৰৰ পৰা স্থানীয় ৰাইজৰ সহযোগত তিনিখন জেচিবি লগাই নৈ খনৰ সোঁতৰ দিশ পৰিৱৰ্তনৰ কাম অব্যাহত ৰাখিছে ৷