বৰমা, 1 এপ্ৰিলঃ বুধবাৰে বাক্সা জিলাৰ বৰমাৰ সাধাৰণ ৰাইজৰ মাজত বিনামূলীয়াকৈ চাউল বিতৰণ কৰে বৰমা বহুমুখী সমবায় সমিটিয়ে ৷ চৰকাৰে তলা বন্ধ কাৰ্যসূচী লোৱাৰ ফলত বিগত দিনত বহুমুখী কেন্দ্ৰটোত চাউল দিয়া কাৰ্য বন্ধ হৈ আছিল ৷ বুধবাৰে প্ৰশাসনৰ অনুমতিৰে পুনৰ সংঘটোত চাউল বিতৰণ কৰা হয় ৷ চাউল বিতৰণ কাৰ্যসূচীত অঞ্চলটোৰ প্ৰায়ভাগ মানুহে আহি ভীৰ কৰা পৰিলক্ষিত হয় ৷ পৰৱৰ্তী সময়ত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ উক্ত স্থানত আৰক্ষী উপস্থিত হয় লগতে সকলো পৰিস্থিতি নিয়ন্ত্ৰণ কৰি শাৰী পাটি চাউল নিয়াৰ বাবে আহ্বান জনায় ৷
বৰমাত চাউল বিতৰণত ৰাইজৰ ভীৰ - Public gathering in Baksa for rice distribution
চাউল বিতৰণ কাৰ্যসূচীত অঞ্চলটোৰ প্ৰায়ভাগ মানুহে আহি ভীৰ কৰা পৰিলক্ষিত হৈছে ৷
![বৰমাত চাউল বিতৰণত ৰাইজৰ ভীৰ ৰাইজৰ ভীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6623409-thumbnail-3x2-p.jpg?imwidth=3840)