ETV Bharat / state

ভূমি পট্টা প্ৰদানৰ দাবীত আদিবাসী জাতীয় মহাসভাৰ প্ৰতিবাদ

author img

By

Published : Mar 26, 2022, 11:08 AM IST

Updated : Mar 26, 2022, 11:23 AM IST

জনজাতি হিচাপে স্বীকৃতি আৰু ভূমি পট্টা প্ৰদানৰ দাবীত শুকুৰবাৰে উত্তাল হ’ল বাক্সা (Adivasi Jatiya Mahasabha stages protest in Baska) জিলা ৷ অসমৰ আদিবাসীসকলৰ সমস্যা সমাধানৰ দাবীত ৩ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত বহিল আদিবাসী জাতীয় মহাসভা ৷

Adivasi Jatiya Mahasabha stages protest in Baska
আদিবাসী জাতীয় মহাসভাৰ প্ৰতিবাদ

বাক্সা, 26 মাৰ্চ : অসমৰ আদিবাসীসকলক জনজাতি হিচাপে স্বীকৃতি আৰু ভূমি পট্টা প্ৰদানৰ দাবীত শুকুৰবাৰে ৩ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় বাক্সাৰ মুছলপুৰত (Adivasi Jatiya Mahasabha protest in Baska) ।

মুছলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণৰ এই ধৰ্ণা কাৰ্যসূচীৰ পৰাই আদিবাসী জাতীয় মহাসভা স‌ংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক বীৰ সিং মুণ্ডাই কয় যে, ‘‘যুগ যুগ ধৰি আদিবাসীসকলক বঞ্চনা কৰি আহিছে চৰকাৰে ।‌‌ ২০১৯ চনত আদিবাসীসকলক জনজাতিকৰণৰ বাবে অধ্যাদেশো জাৰি কৰিছিল ৷ কিন্তু আজিলৈকে এই বিষয়ত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে’’ ।

আদিবাসী জাতীয় মহাসভাৰ প্ৰতিবাদ

লগতে তেওঁ কয় যে, ‘‘চৰকাৰে আদিবাসীসকলক নিৰ্বাচনৰ আগে আগে বহুতো আশ্বাস প্ৰদান কৰে ৷ কিন্তু সেই আশ্বাস তাতেই সীমাবদ্ধ হৈ ৰয়’’ ৷ আনকি নিৰ্বাচনৰ পিছত আদিবাসীসকলৰ সকলো সমস্যা সমাধান নকৰি এক বিভাজন কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰে আদিবাসী নেতাগৰাকীয়ে । আনকি তেওঁ আদিবাসী সম্প্ৰদায়ৰ নেতা পল্লৱ লোচন দাসে সাংসদ হোৱাৰ পিছতো কোনো কাম নকৰাৰ অভিযোগ উত্থাপন কৰে ৷

সেয়েহে আদিবাসী নেতাগৰাকীয়ে সাংসদ পল্লৱ লোচন দাসক সাধাৰণ লোকৰ সমস্যা সমাধান কৰি প্ৰকৃততে ৰাইজৰ প্ৰতিনিধি হ'বলৈ আহ্বান জনায় (Adivasi Jatiya Mahasabha demanding Schedule Tribe status)।

আনকি প্ৰতিবাদকাৰীসকলে আদিবাসীসকলক জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰক, আমাক ভূমি পট্টা প্ৰদান কৰক, আমাক ন্যায় লাগে ইত্যাদি ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি তোলে । এই কাৰ্যসূচীত বাক্সা জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জিত ওৰাং, সদৌ চান্থাল ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি চাইমন কিস্কু, আদিবাসী জাতীয় মহাসভা স‌ংগ্ৰামী মঞ্চৰ আহ্বায়ক বোয়েল হেমব্ৰম আদি উপস্থিত থাকে ।

লগতে পঢ়ক : কোচ ৰাজবংশী সকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত প্ৰতিবাদ

Last Updated : Mar 26, 2022, 11:23 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.