বাক্সা, 1 জুলাই : সোমবাৰে বাক্সা জিলাৰ তামুলপুৰৰ ঘগ্ৰাচকত শুদ্ধ এনআৰচি প্ৰস্তুত তথা ডিটেনশ্বন কেম্পত থকা লোকসকল, এফ টি কোৰ্ট আৰু ডি ভোটাৰৰ নামত হাৰাশাস্তি কৰাৰ প্ৰতিবাদত ৩ ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ এই প্ৰতিবাদত উপস্থিত থাকে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছন, বিটিচি বাঙালী যুৱ ফেডাৰেছন আৰু বাক্সা জিলা সমিতি ৷ অসম চৰকাৰ হায় হায়, ডি ভোটাৰৰ নামত হাৰাশাস্তি নকৰিব, গৃহ বিভাগ হায়, হায়, ডিটেনশ্বন কেম্পত থকা লোক সকলক বিনা চৰ্তে মুকলি কৰি দিয়ক, এখন শুদ্ধ এনআৰচি প্ৰস্তুত কৰক আদি শ্ল'গানেৰে ঘগ্ৰাচক উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷
প্ৰতিবাদস্থলীত উপস্থিত থাকে বিটিচিৰ কাৰ্যবাহী সদস্য জগদীশ চৰকাৰ, দেৱেন বড়ো, মহেশ্বৰ বসুমতাৰী, বঙালী যুব ছাত্ৰ ফেডাৰেছনৰ উপদেষ্টা চেমল চৰকাৰ, অধিৰ আৰ্যৰ লগতে তিনি শতাধিক লোক ।