ওদালগুৰি,27 জানুৱাৰীঃ UTCৰ বিৰোধিতাৰে সোমবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ প্ৰস্তাৱিত UTC অঞ্চল বন্ধ ঘোষণা কৰিছে আক্ৰাছুসহ বিভিন্ন দল সংগঠনে। কেইবাটাও দল সংগঠনে আহ্বান জনোৱা এই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে ওদালগুৰি জিলাত। বন্ধৰ সময়ছোৱাত ওদালগুৰি সদৰকে ধৰি টংলা,খৈৰাবাৰী,টংলা,হৰিশিঙা,ৰৌতা,ওৰাং,মাজবাট আদি অঞ্চল সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰা পৰিলক্ষিত হয় । ঠায়ে ঠায়ে বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি UTC গঠনৰ বিৰোধিতা কৰে দল-সংগঠনে।
কলাইগাঁৱটো আক্ৰাছুৰ কৰ্মীসকলে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে কলাইগাঁও অঞ্চল।
বাক্সা,27 জানুৱাৰীঃ বাক্সাতো UTC বিৰোধিতাৰে আহ্বান জনোৱা বিটিচিত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৷ উল্লেখ্য যে,বড়োসকলৰ দীৰ্ঘদিনীয়া সমস্যা পৃথক ৰাজ্য দাবীৰে সোমবাৰে ৩ বজাত কেন্দ্ৰীয় চৰকাৰ সৈতে এবছু আৰু এন ডি এফ বি বিভিন্ন গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত হ'ব। সেয়েহে UTC ৰ বিৰোধিতাৰে আক্ৰাছুৰ লগতে বিভিন্ন দল সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ প্ৰতি সমৰ্থন জনাই কুমাৰীকাটা আঞ্চলিক এবিএমছু, আক্ৰাছু কুমাৰীকাটা আঞ্চলিক অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ,কোঁচ ৰাজবংশী সন্মিলনী,কুমাৰীকাটা আঞ্চলিক আটছা,ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ সমান্তৰালকৈ বন্ধৰ প্ৰভাৱও সৰ্বাত্মকভাৱে পৰিছে তামুলপুৰ লগতে গোৰেশ্বৰ,মুছলপুৰ,বৰমা,শালবাৰী আদিৰ ভিন্ন প্ৰান্তত ।
আৰু পঢ়কঃ কোৰোণা ভাইৰাছ ৰোধৰ বাবে ভেকচিন প্ৰস্তুতি খৰটকীয়া কৰিছে চীনে