ETV Bharat / state

ৰেচন কাৰ্ডৰ বিসংগতি: প্ৰতিবাদ সাব্যস্ত শতাধিক মহিলাৰ

author img

By

Published : Nov 19, 2020, 2:33 PM IST

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তত বাস কৰা শতাধিক মহিলা বঞ্চিত সূলভ মূল্যৰ সামগ্ৰী লাভৰ পৰা ৷ যাৰ ফলত বৃহস্পতিবাৰে মহিলাসকলে ৰেচন কাৰ্ডলৈ যোগান বিভাগৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ৷

ration-card-coruption
ৰেচন কাৰ্ডৰ বিসংগতিৰ অভিযোগ

বাক্সা,19 নৱেম্বৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তত বাস কৰা শতাধিক মহিলাই আজিপৰ্যন্ত লাভ নকৰিলে সূলভ মূল্য়ৰ সামগ্ৰী ৷ যাৰ ফলত বৃহস্পতিবাৰে মহিলাসকলে ৰেচন কাৰ্ডসমূহ লৈ তামুলপুৰস্থিত যোগান বিভাগৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

ration-card-coruption
ৰেচন কাৰ্ডৰ বিসংগতিৰ অভিযোগ

প্ৰতিবাদস্থলীত দৰঙামেলা, পাহাৰপুৰ, শশীপুৰ, মেনকা চাহ বাগানৰ পৰা অহা শতাধিক মহিলাই ৰেচন কাৰ্ডৰ বিনিময়ত নূন্যতম পৰিমাণৰো চৰকাৰে প্ৰদান কৰা সূলভ মূল্যৰ সামগ্ৰী লাভ নকৰাৰ অভিযোগ উত্থাপিত কৰে ৷ ইয়াৰ পূৰ্বেও মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও কোনো সুফল লাভ নকৰিলে ৷ মহিলাসকলে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অভিযোগ দাখিল কৰিছিল যদিও কোনো উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগটোৱে ৷

ration-card-coruption
ৰেচন কাৰ্ডৰ নমুনা

উল্লেখ্য যে, দুবছৰ পূৰ্বে মহিলাসকলে লাভ কৰা ৰেচন কাৰ্ডসমূহ আছিল দুই ধৰণৰ ৷ কোনোৱে যদি কাৰ্ডৰ নামত এখন উকা বহী পাইছে আন কোনোৱে পাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ফটো সম্বলিত ৰঙীন ৰেচন কাৰ্ড ৷ মহিলাসকলৰ অভিযোগ অনুসৰি, সুকুমাৰ দাস আৰু কৃষ্ণ দাস নামৰ দুজন লোকে দুবছৰৰ পূৰ্বে বিতৰণ কৰিছিল এই কাৰ্ডসমূহ ৷ ইয়াৰ সমান্তৰালভাৱে মহিলাসকলৰ কাৰ্ড বিফল হৈ পৰা কথাতো এই লোক দুজনেই হঠাতে ঘোষণা কৰে ৷ ইয়াৰ পিচতে সমগ্ৰ অঞ্চলটোৰ মহিলাসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

লগতে পঢ়ক: চুৰাইবাৰী আৰক্ষীৰ তৎপৰতাত জব্দ চোৰাং গৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.