কোকৰাঝাৰ, 26 মাৰ্চ: ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত পৰিল । দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান বৰ্তমানেও অব্যাহত আছে । বৃহস্পতিবাৰে কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰ চলাই ইউপিপিএল দলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই । বৃহস্পতিবাৰে ৩০ নং পূৱ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰমোদ বড়োৱে । কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী ভোটগাওঁ হাইস্কুল খেলপথাৰত এক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে নেতাগৰাকীয়ে । সভাত বিপিএফ দলক তীব্ৰ সমালোচনা কৰে প্ৰমোদ বড়োই ।

এতিয়া আৰু হাগ্ৰামা মহিলাৰীৰ দাদাগিৰি নচলিব ৷ বিএলটিৰ দাদাগিৰি নচলিব ৷ বিগত ১৭ বছৰে বিপিএফে যি স্বেচ্ছাচাৰী, ভ্ৰষ্টাচাৰ শাসন চলালে এতিয়া আৰু সেই শাসনৰ দিন নাই ৷ যদিহে বিটিআৰবাসীয়ে শান্তিৰে বসবাস কৰিব বিচাৰে তেন্তে বিপিএফ দলক এইবাৰ বিদায় দিব লাগিব বুলি মন্তব্য কৰে প্ৰমোদ বড়োই ৷ আনপিনে, কোনোধৰণৰ উন্নয়ন নকৰা বিগত ৩০ বছৰে বিধায়িকা হৈ থকা প্ৰমীলা ৰাণী ব্ৰহ্মক এইবাৰ বিদায় দিবলৈ সমষ্টিবাসী ৰাইজক আহ্বান জনোৱাৰ বিপৰীতে প্ৰমোদ বড়োই লৰেন্স ইছলাৰীক বহুমূলীয়া ভোটেৰে বিজয়ী সাব্যস্ত কৰিবলৈ আহ্বান জনায় ৷ প্ৰায় পাঁচ শতাধিক লোকে এই সভাত অংশগ্ৰহণ কৰে । ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ সভাত সমষ্টিটোৰ ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰী, দলৰ কেন্দ্ৰীয় উপ-সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম আৰু উপ-সভাপতি মইনুল হককে ধৰি ইউপিপিএলৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে ৷
লগতে পঢ়ক: ন' ৰোড, ন' ভোট ধ্বনিৰে উত্তাল কাৰ্বি আংলঙৰ নৱাইবিল