ETV Bharat / state

চৰকাৰ নহ'ল যেতিয়া মহাজোঁট এতিয়া অপ্ৰাসংগিক : প্ৰবীণ বড়ো - ইউপিপিএল

মহাজোঁট নিৰ্বাচন কেন্দ্ৰিক আছিল । নিৰ্বাচন কেন্দ্ৰিক মহাজোঁটৰ সৈতেহে বিপিএফৰ সম্পৰ্ক আছিল । মহাজোঁটৰ চৰকাৰ নহ'ল গতিকে মহাজোঁট এতিয়া অপ্ৰাসংগিক ৷ উপ নিৰ্বাচনত অকলে প্ৰতিদ্বন্দিতা আগবঢ়াব বিপিএফ দলে ।

pressmeet of probin boro
চৰকাৰ নহ'ল যেতিয়া মহাজোঁট এতিয়া অপ্ৰাসংগিক
author img

By

Published : Jun 28, 2021, 10:06 PM IST

বাক্সা, ২৮ জুন : মহাজোঁট সম্পৰ্কে চৰ্চা চলি থকাৰ সময়তে বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োৱে মহাজোঁট সম্পৰ্কত কেইবাটাও বিস্ফোৰক মন্তব্য আগবাঢ়ায় । মহাজোঁট নিৰ্বাচন কেন্দ্ৰিক বুলি মন্তব্য প্ৰকাশ কৰি মহাজোঁটৰ বিষয়টো এতিয়া অপ্ৰাসংগিক বুলি মন্তব্য প্ৰকাশ কৰিছে প্ৰবীণ বড়োৱে ৷ প্ৰবীণ বড়োৱে কোৱাৰ দৰে যদি বিপিএফৰ বাবে মহাজোঁট অপ্ৰাসংগিত তেনেহ'লে ৰাজ্যৰ তিনিটাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত কাৰ পক্ষত থাকিব বিপিএফ ?

নিৰ্বাচনত পৰাজয়বৰণ কৰাৰ পাচত এতিয়া মহাজোঁটৰ কি কাম আছে ? বিপিএফৰ বাবে এলাগি হৈ পৰিছে মহাঁজোট ৷ ৰাজ্যৰ উপ-নিৰ্বাচনত বিপিএফ দলে এককভাৱে প্ৰতিদ্বন্দিতা কৰিব বুলি দোহাৰিছে বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োৱে ৷ প্ৰবীণ বড়োৰ মতে বিপিএফে এইবাৰ কাৰো সৈতে মিত্ৰতা নকৰে ৷

চৰকাৰ নহ'ল যেতিয়া মহাজোঁট এতিয়া অপ্ৰাসংগিক

উল্লখ্য যে, বিপিএফ দলৰ সৈতে কোনো দলে সমৰ্থন দিলে বিটিচি চৰকাৰ পৰিৱৰ্তন হৈ যাব পাৰে বুলিও এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীন বড়োৱে ।

হাগ্ৰামাৰ প্ৰতিদ্বন্দ্বী প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল (UPPL) দিছপুৰৰ চৰকাৰখনৰ অন্যতম অংশীদাৰ, একে সময়তে কিন্তু বিজেপি(BJP) দলৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে হাগ্ৰামা মহিলাৰীৰ সম্পৰ্ক এতিয়া পূৰ্বতকৈ মধুৰ । মন কৰিবলগীয়া যে, শুকুৰবাৰে নিশা সংবাদ মাধ্যমৰ অলক্ষিতে হাগ্ৰামা মহিলাৰীয়ে বিপিএফৰ(BPF) দুই নেতা ৰবিৰাম নাৰ্জাৰী আৰু দুৰ্গাদাস বড়োক লগত লৈ সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক ।

কেৱল লগ কৰাই নহয়, মুখ্যমন্ত্ৰীৰ হাতত হাগ্ৰামাই তুলি দিয়ে ২৫ লাখ টকাৰ চেক । এই ২৫ লাখ টকা মুখ্যমন্ত্ৰীৰ পুঁজিলৈ(CM fund) আগবঢ়াইছে বিপিএফ দলে । মুখ্যমন্ত্ৰীৰ হাতত ২৫ লাখৰ চেক তুলি দি হাগ্ৰামা মহিলাৰীয়ে ডঃ শৰ্মাৰ সৈতে দীঘলীয়া বৈঠকত মিলিত হয় যদিও পৰিলক্ষিত হয় এক অন্য দৃশ্য ।

কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে গুৱাহাটীৰ এখন হোটেলত এক যৌথ সংবাদমেলৰ আয়োজন কৰিছিল । স্বাভাৱিকতে সেই সংবাদমেল আছিল বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে । সেই সংবাদমেলত মহাজোঁটৰ অন্তৰ্ভুক্ত দল কেইটাৰ নেতৃবৰ্গ উপস্থিত আছিল যদিও লক্ষণীয়ভাৱে উপস্থিত নাছিল হাগ্ৰামা মহিলাৰী বা বিপিএফৰ কোনো প্ৰতিনিধি । কংগ্ৰেছ নেতৃত্বই পাৰ্যমানে বিষয়টো এৰাই চলিব বিচাৰিছে ।

লগতে পঢ়কআগৰতলাৰ পদপথৰ এখন বিশেষ বিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.