ETV Bharat / state

বান সাহাৰ্য বিতৰণত আসোৱাহৰ আভিযোগ তামুলপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

author img

By

Published : Sep 1, 2022, 10:01 PM IST

অসম চৰকাৰে দিয়া বান সাহাৰ্য লাভ কৰা নাই প্ৰকৃত হিতাধীকাৰীয়ে ৷ এই সন্দৰ্ভত গোৰেশ্বৰত তামুলপুৰ জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আহ্বায়ক সমিতিয়ে আয়োজন কৰে এক সংবাদমেল (Press conference of KMSS of Tamulpur district at Goreshwar)।

Press conference of KMSS of Tamulpur district at Goreshwar
গোৰেশ্বৰত তামুলপুৰ জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদ মেল

তামুলপুৰ, 1 ছেপ্টেম্বৰ : অসম চৰকাৰে দিয়া বান সাহাৰ্য লাভ কৰা নাই প্ৰকৃত হিতাধীকাৰীয়ে ৷ প্ৰকৃত হিতাধীকাৰীৰ বিপৰীতে চৰকাৰৰ এই সাহাৰ্য লাভ কৰিছে একাংশ গাঁওবুঢ়া, মণ্ডল, লাট মণ্ডলকে ধৰি বহুতো চৰকাৰী বিষয়া-কৰ্মচাৰীৰ আত্মীয়ই ৷ বৃহস্পতিবাৰে এক সংবাদমেল আয়োজন কৰি এই অভিযোগ উত্থাপন কৰে তামুলপুৰ জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই (Press conference of KMSS of Tamulpur district at Goreshwar) ৷

উল্লেখ্য যে, অসমৰ প্ৰায় জিলাতে শেহতীয়াকৈ হোৱা বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল ৷ এই বানৰ ফলত অসমৰ বিভিন্ন ঠাইৰ লগতে তামুলপুৰ জিলাৰ কেবাটাও অঞ্চলতো বিস্তৰ ক্ষতি সাধন কৰিছিল ৷ ফলত গৃহহীন হৈ পৰিছিল বহুতো পৰিয়াল ৷ আনকি ৰাস্তা-ঘাটে শিবিৰ পাতি থাকিব লগাত পৰিছিল ৷

ইতিমধ্যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহহীন হোৱা প্ৰতিটো পৰিয়ালক ক্ষতিপূৰণ হিচাপে 95 হাজাৰ টকা কৈ দিম বুলি ঘোষণা কৰিছিল ৷ কিন্তু বৰ্তমান জানিবলৈ পোৱা মতে প্ৰায় সংখ্যক ক্ষতিগ্ৰস্ত হোৱা লোকেই অসম চৰকাৰৰ 95 হাজাৰ টকাৰ সাহায্য লাভ কৰা নাই ।

আনহাতে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে সেই সাহায্যৰ নামত অহা 95 হাজাৰ টকা নিজ নিজ আত্মীয়ৰ নামত চেঞ্চন কৰি ইতিমধ্যে ধন মোকলাবলৈ সক্ষম হৈছে । এই অভিযোগ কৃষম মুক্তি সংগ্ৰাম সমিতিৰ ৷ সেয়ে এই বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপ কৰি সমগ্ৰ কেলেংকাৰীৰ তদন্ত কৰিবলৈ আহ্বান জনাই তামুলপুৰ জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই ৷

লগতে দোষী বিষয়া-কৰ্মচাৰীক চিনাক্তকৰণ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ এই সংবাদ মেলযোগে দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তামুলপুৰ জিলা আহ্বায়ক সমিতিয়ে ৷ নহ’লে অনাগত দিনত সকলো ৰাইজক লগত লৈ বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি স্পষ্ট কৰি দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তামুলপুৰ জিলা আহ্বায়ক সমিতিয়ে ।

লগতে পঢ়ক : মাদ্ৰাছাসমূহক লৈ কঠোৰ সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.