ETV Bharat / state

বাক্সাৰ তামুলপুৰত প্ৰিজাইডিং বিষয়া অসুস্থ

author img

By

Published : Apr 23, 2019, 3:43 PM IST

Updated : Apr 23, 2019, 7:32 PM IST

তৃতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়াত বাক্সাত অঘটন ৷ সোমবাৰে নিশা তামুলপুৰত কৰ্তব্যত নিয়োজিত প্ৰিজাইডিং বিষয়াৰ হৃদৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰে ৷

বাক্সাৰ তামুলপুৰত প্ৰিজাইডিং বিষয়া অসুস্থ

বাক্সা,23এপ্ৰিল: বাক্সাৰ তামুলপুৰ ১১৯ নম্বৰ ঝাৰগাঁও প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰিজাইডিং বিষয়া নোমল লাহৰীৰ সোমবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ গুৰুতৰ ভাবে অসুস্থ হয় । নিশা সহযোগী পলিং বিষয়া আৰু ৰাইজে তামুলপুৰ প্ৰাথমিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসক ডাঃ হাৰিমোহন কলিতাই দুৱাৰ খুলি নিদিয়াৰ অভিযোগ উঠিছে ।

পাচত অন্য এজন চিকিৎসকে আহি তৎপৰতাৰে চিকিৎসা প্ৰদান কৰাৰ পাচত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিয়ে । নিশাই তামুলপুৰৰ মহকুমাধিপতি, মহকুমা আৰক্ষী বিষয়া, তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আহি চিকিৎসালয়ত উপস্থিত হয় আৰু লোকজনক গুৱাহাটীলৈ প্ৰেৰণ কৰে । ইপিনে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনা হয় ৷ আনহাতে প্ৰাথমিক চিকিৎসা কেন্দ্ৰটোৰ চিকিৎসকৰ গাফিলতিৰ বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় একাংশ সচেতন লোকে ৷

Intro:বাক্সাৰ তামুলপুৰত প্ৰিজাইডি বিষয়াৰ মৃত্যু Body:বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ১১৯ নম্বৰ ঝাৰগাঁও প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰৰ প্ৰিজাইডিং বিষয়া নোমল লাহৰী নিশা হৃদৰোগত আক্ৰান্ত হৈ গুৰুতৰ ভাবে অসুস্থ। নিশা সহযোগী পলিং বিষয়া আৰু ৰাইজে তামুলপুৰ প্ৰাথমিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসক ডাঃ হাৰিমোহন কলিতাই দুৱাৰ খুলি নিদিলে। তামুলপুৰত তীব্ৰ প্ৰতিক্ৰিয়া।Conclusion:পিছত অন্য এজন চিকিৎসকে আহি তাৎপৰাতাৰে চিকিত্সা কৰি পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিয়ে। নিশাই তামুলপুৰৰ মহকুমাধিপতি, মহকুমা আৰক্ষী বিষয়া, তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আহি চিকিৎসালয়ত উপস্থিত হয়। দুৱাৰ খুলি নিদিয়া চিকিৎসক জনৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম।
Last Updated : Apr 23, 2019, 7:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.