ETV Bharat / state

এজন মন্ত্ৰীৰ ভাষণক ৰাজনৈতিক ডাইলগ আখ্যা প্ৰমিলা ৰাণী ব্ৰহ্মৰ

author img

By

Published : Jun 18, 2020, 7:46 PM IST

বিজেপি আৰু বিপিএফৰ মাজত অন্তঃকন্দলৰ উকমুকনি ৷ বাক্সাত প্ৰমিলা ৰাণী ব্ৰহ্মৰ মন্তব্যই দিলে তাৰেই উমান ৷

pramila rani brahma visited baksa
pramila rani brahma visited baksa

বাস্কা, 18 জুন : বাক্সাৰ কুমাৰীকাটাত বৃহস্পতিবাৰে বিপিএফৰ এখন কৰ্মী সভাত উপস্থিত হয় ৰাজ্য চৰকাৰ তথা বিপিএফ দলৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম । সভাত মন্ত্ৰীগৰাকীয়ে বুধবাৰে তামুলপুৰত ৰাজ্যৰ বিত্তমন্ত্ৰীৰ ভাষণ সমূহক ৰাজনৈতিক ডাইলগ আখ্যা দিয়ে । তেওঁ লগতে উল্লেখ কৰে যে, বিজেপি দলৰ সৈতে মিত্ৰতা এতিয়াও আছে আৰু সেয়ে সম্পৰ্ক বেয়া কৰিব বিচৰা নাই । আনহাতে বিজেপি দলে প্ৰতিটো সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰোৱা বাবে তেওঁলোকৰ যুক্তি মানি লোৱা বুলি কয় মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম ।

এজন মন্ত্ৰীৰ ভাষণক ৰাজনৈতিক ডাইলগ আখ্যা প্ৰমিলা ৰাণী ব্ৰহ্মৰ
তাৰোপৰি বিপিএফ দলৰ পৰা কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক বিজেপি দললৈ গমন কৰাক লৈ সাংবাদিকে প্ৰশ্ন কৰাত প্ৰমাণ দিবলৈ আহ্বান জনায় মন্ত্ৰী ব্ৰহ্মই । পিছত তামুলপুৰত বিধায়ক ইমানুৱেল মুছাহাৰীৰ উদাহৰণ দিয়াত বিধায়ক গৰাকী এতিয়াও বিজেপিলৈ যোৱা নাই কেৱল তেওঁলোকৰ দলৰ পৰা ওলাইছে বুলি সদৰি কৰে মন্ত্ৰীগৰাকীয়ে । চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰীগৰাকীৰ বক্তব্য আৰু বিত্তমন্ত্ৰীক কৰা কটাক্ষই বিটিচি নিৰ্বাচনক লৈ দুয়োটা দলৰ মাজত ভিতৰুৱা ঘটি থকা মনোমালিন্যৰে যেন উমান দিছে ৷

লগতে পঢ়ক : বৰহোলাৰ জয়ন্ত বৰাৰ মৃত্যুক পৰিকল্পিত হত্যা আখ্যা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.