বাক্সা, 11 জুন : গড়কাপ্তানি পথৰ দুৰৱস্থাই দুৰ্ভোগ খুৱাইছে কাউৰবাহা লতিবাৰী অঞ্চলৰ ৰাইজক ৷ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কাউৰবাহা লতিবাৰী সংযোগী গড়কাপ্তানি পথত সৃষ্টি পুখুৰীসদৃশ গাঁতে এতিয়া যমৰ যাতনা খুৱাইছে ৰাইজক ৷ যদিও ৰাইজৰ এই দুৰৱস্থাৰ খবৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধি কিম্বা গড়কাপ্তানি বিভাগৰ ৷ বিগত সাত বছৰে পথচোৱাত পৰা নাই এচপৰাও মাটি ৷ ফলত দৈনিক শ-শ যানবাহন চলাচল কৰাত পথটোত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ ৷ যাৰ বাবে পথচোৱাত নিতৌ দুৰ্ঘটনা সংঘটিত হোৱাৰ উপক্ৰম হোৱাৰ লগতে বিগত সময়চোৱাতো কেইবাগৰাকী লোকে দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে ৷ অঞ্চলটোৰ ৰাইজে পথটো মেৰামতিৰ বাবে কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কক অৱগত কৰিছে যদিও আজিলৈকে গুৰুত্ব প্ৰদান নকৰিলে কৰ্তৃপক্ষই ৷ যাৰবাবে বিধ্বস্ত পথটোৰে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে অব্যাহত ৰাখিব লগা হৈছে যাতায়ত ৷
লগতে পঢ়ক - শিশুৰ বাবে কিমান সুৰক্ষিত জনচন এণ্ড জনচনৰ চেম্পু ?