বাক্সা,13 আগষ্টঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত শক্তি বিভাগৰ আজৱ কাণ্ড ৷ জিলাৰ খনৰ তামুলপুৰ সংমণ্ডলৰ অধিনষ্ঠ অহিয়াবাৰী গাঁঁৱত শিমলু গছ,পচা বাঁহৰ খুটা,তামোলৰ বাৰীৰ মাজেৰে মানুহৰ ঘৰৰ ওপৰেৰে বিপজ্জনক ভাৱে বিদ্যুৎ পৰিবাহী তাঁৰ টানি বিদ্যুৎ সংযোগ কৰাক লৈ সংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ বিগত দহ-বাৰ বছৰ ধৰি শক্তি বিভাগে তেনেদৰেই বিদ্যুৎ যোগান ধৰি আছে গাঁঁও খনত ৷ অঞ্চলটোৰ লোকে নিয়মিত বিদ্যুৎ মাছুল আদায় দিয়াৰ পিছতো বিভাগটোৰ পৰা দিয়া হোৱা নাই কোনো ধৰণৰ পকী খুটা ৷ ইতিমধ্য বিদ্যুত পৰিবাহী তাঁৰ চিঙি বিগত সময় চোৱাত বহু কেইটা পশুধনৰ মৃত্যু হোৱাৰ লগতে কথমপি প্ৰাণ ৰক্ষা পৰিছে কেইবাগৰাকী লোকৰ ৷ ভুক্তভোগী ৰাইজে শক্তি বিভাগৰ তামুলপুৰ সংমণ্ডলৰ কাৰ্যালয়ত যোগাযোগ কৰিও পোৱা নাই কোনো কোনো সকাহ।
বাক্সাত গছৰ ওপৰৰে বিদ্যুৎ সংযোগ! দুৰ্ঘটনাৰ আশংকা
বিগত দহ-বাৰ বছৰ ধৰি শক্তি বিভাগে তেনেদৰেই বিদ্যুৎ যোগান ধৰি আছে গাঁঁও খনত ৷ অঞ্চলটোৰ লোকে নিয়মিত বিদ্যুৎ মাছুল আদায় দিয়াৰ পিছতো বিভাগটোৰ পৰা দিয়া হোৱা নাই কোনো ধৰণৰ পকী খুটা ৷
বাক্সা,13 আগষ্টঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত শক্তি বিভাগৰ আজৱ কাণ্ড ৷ জিলাৰ খনৰ তামুলপুৰ সংমণ্ডলৰ অধিনষ্ঠ অহিয়াবাৰী গাঁঁৱত শিমলু গছ,পচা বাঁহৰ খুটা,তামোলৰ বাৰীৰ মাজেৰে মানুহৰ ঘৰৰ ওপৰেৰে বিপজ্জনক ভাৱে বিদ্যুৎ পৰিবাহী তাঁৰ টানি বিদ্যুৎ সংযোগ কৰাক লৈ সংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ বিগত দহ-বাৰ বছৰ ধৰি শক্তি বিভাগে তেনেদৰেই বিদ্যুৎ যোগান ধৰি আছে গাঁঁও খনত ৷ অঞ্চলটোৰ লোকে নিয়মিত বিদ্যুৎ মাছুল আদায় দিয়াৰ পিছতো বিভাগটোৰ পৰা দিয়া হোৱা নাই কোনো ধৰণৰ পকী খুটা ৷ ইতিমধ্য বিদ্যুত পৰিবাহী তাঁৰ চিঙি বিগত সময় চোৱাত বহু কেইটা পশুধনৰ মৃত্যু হোৱাৰ লগতে কথমপি প্ৰাণ ৰক্ষা পৰিছে কেইবাগৰাকী লোকৰ ৷ ভুক্তভোগী ৰাইজে শক্তি বিভাগৰ তামুলপুৰ সংমণ্ডলৰ কাৰ্যালয়ত যোগাযোগ কৰিও পোৱা নাই কোনো কোনো সকাহ।
ভাষ্য--স্থানীয় ৰাইজ
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।