বাক্সা, ১৪ আগষ্ট: বাক্সাৰ তামুলপুৰৰ দক্ষিণ ডেফেলী বহুমুখী সমবায় সমিতিৰ অন্তৰ্গত অহিয়াবাৰীৰ এজেণ্ট কালিচৰণ দাসে চলাই আহিছিল খাদ্য সুৰক্ষা আঁচনিৰ বাবে আবণ্টিত চাউলৰ এখন চোৰাং ব্যৱসায় ।
শুক্ৰবাৰে এক গোপন সূত্ৰৰ পম খেদি তামুলপুৰ আৰক্ষী থানাৰ পৰিদৰ্শক অসীম বৰা আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলাই হাৰাধন চৰকাৰ নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে অবৈধ ভাৱে মজুত কৰি ৰখা ২৪ কুইন্টল চাউল । জানিব পৰা মতে বিগত চাৰিদিন ধৰি হাৰাধন চৰকাৰে গোপনে ঘৰৰ পৰাই প্ৰতিবেগ চাউলৰ বিনিময়ত ৯০০ টকা দৰত চোৰাংভাৱে বিক্ৰী কৰি আহিছিল ।
![Police seized the rice of the government scheme along with a thief](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bak-01-rice-thief-arrested-vis4-7203823_14082020165023_1408f_1597404023_451.jpg)
অভিযানকাৰী আৰক্ষীয়ে চাউলসহ হাৰাধন চৰকাৰ আৰু কৈলাশ দাস নামৰ লোক দুজনক আটক কৰে যদিও দক্ষিণ ডেফেলী বহুমুখী সমবায় সমতিৰ অহিয়াবাৰীৰ এজেণ্ট কালিচৰণ দাস বৰ্তমানেও পলাতক হৈয়ে আছে । আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু কৰি চলাইছে তদন্ত ।
লগতে চাওকঃ ধুবুৰীত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং গৰু