ETV Bharat / state

পাগলাদিয়াৰ সোঁত সলনি কৰাত ব্য়স্ত এজাক লোক...

বাক্সাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী তামুলপুৰৰ পাহাৰপুৰ গাঁওৰ মাজেৰে বৈ গৈছে পাগলাদিয়া নৈ ৷ বিগত কেইবাবছৰ ধৰি পাগলাদিয়া নৈৰ খহনীয়াই অঞ্চলটোত ধাৰণ কৰিছিল কালৰূপ ৷ বিষয় সন্দৰ্ভত স্থানীয় ৰাইজে বহুবাৰ চৰকাৰৰ প্ৰতিনিধি তথা বিভাগীয় লোকক কাকুতি-মিনতি কৰি সমস্য়াটোৰ সমাধান কৰি দিবলৈ খাটনি ধৰিছিল যদিও ৰাইজৰ সমস্য়াৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰিলে চৰকাৰে ৷ অৱশেষত চৰকাৰলৈ আশা নকৰি খহনীয়া ৰোধৰ বাবে এইদৰে ওলাই আহে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজ ।

author img

By

Published : Aug 16, 2020, 1:42 PM IST

people of baksa changing direction of Pagladia river baksa assam etv bharat news
খহনীয়া ৰোধৰ চেষ্টা বাক্সাবাসীৰ

বাক্সা,16 আগষ্ট: ৰাইজে নখ জোকাৰিলে নৈ বয় বোলা আপ্ত বাক্যশাৰীক পুনৰবাৰ বাস্তৱত প্ৰতিফলিত কৰিবলৈ আপ্ৰাণ চেষ্টা চলালে বাক্সাবাসীয়ে ৷ জিলাখনৰ ভাৰত-ভূটান সীমান্তৱৰ্তী তামুলপুৰৰ পাহাৰপুৰ গাঁওৰ মাজেৰে বৈ গৈছে পাগলাদিয়া নৈ ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ অঞ্চলটোৰ লোকসকলৰ মাজত আজিও বিদ্যমান ঐক্য় আৰু সম্প্ৰীতি ৷ অঞ্চলটোৰ ৰাইজে নৈখনৰ সোঁত সলনি কৰিবলৈ ওলাই আহে ৷ ৰাইজৰ সমূহীয়া শ্ৰমদানেৰে কৰা এই কাৰ্যৰ দৃশ্য পৰিলক্ষিত হ’ল দেওবাৰে পুৱা ৷

খহনীয়া ৰোধৰ চেষ্টা বাক্সাবাসীৰ

ঘটনাৰ বিৱৰণী অনুসৰি, বিগত কেইবাবছৰ ধৰি পাগলাদিয়া নৈৰ খহনীয়াই অঞ্চলটোত ধাৰণ কৰিছিল কালৰূপ ৷ ভূটান পাহাৰৰ পৰা বৈ অহা নৈখনৰ পানীয়ে পূৰ্বৰ সময়তো কালাঝাৰ, পাহাৰপুৰ, লেবৰা শান্তিপুৰ আদি গাঁৱত সৃষ্টি কৰি আহিছে খহনীয়া । খহনীয়াৰ ফলত নৈখনৰ বুকুত উছন হৈছে দুই শতাধিকৰো অধিক লোকৰ ঘৰ-বাৰী, মাটি-সম্পত্তি ৷ বিষয় সন্দৰ্ভত স্থানীয় ৰাইজে বহুবাৰ চৰকাৰৰ প্ৰতিনিধি তথা বিভাগীয় লোকক কাকুতি-মিনতি কৰি সমস্য়াটোৰ সমাধান কৰি দিবলৈ খাটনি ধৰিছিল যদিও ৰাইজৰ সমস্য়াৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰিলে চৰকাৰে ৷ অৱশেষত চৰকাৰলৈ আশা নকৰি খহনীয়া ৰোধৰ বাবে এইদৰে ওলাই আহে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজ ।

লগতে চাওকঃ বৰডুমচাৰ মাধৱপুৰত দুৰ্ঘটনাগ্ৰস্ত চোৰাং কাঠভৰ্তি ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.