নিউজ ডেস্ক, 27 অক্টোবৰঃ আজি পোহৰৰ উৎসৱ দীপাৱলী ৷ দীপাৱলী উদযাপনৰ বাবে সাজু সমগ্ৰ দেশ ৷ ৰং-বিৰঙী আলোকসজ্জাৰে সজাই তোলা হৈছে চাৰিওকাষ ৷ চৰকাৰে চীনা লাইটৰ বিক্ৰীৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে যদিও দোকান পোহাৰসমূহত উপলব্ধ হৈ আছে লাইট ৷ কিন্তু তাৰ মাজতো মাতিৰ চাকিৰ যথেষ্ট গুৰুত্ব বৃদ্ধি পাইছে ৷ বাক্সা জিলাৰ কুমাৰীকাটাৰ এখন বজাৰত চীনা সামগ্ৰীৰ বিপৰীতে বজাৰত বিক্ৰী কৰা হৈছে শাৰী শাৰী মাটিৰ চাকি ৷ চিপাৱলীৰ এই পবিত্ৰ ক্ষণত মাটিৰ চাকিৰ বিক্ৰেতা সকলে তেওঁলোকৰ বহুদিনৰ কষ্ট সাৰ্থক হ’ব বুলি আশাৰে বাট চাইছে ৷
আনহাতে, প্ৰতিকুল বতৰে কিছু পৰিমাণে দীপাৱলীৰ আনন্দত বাধা হৈ থিয় দিছে ৷ প্ৰতিকূল বতৰে প্ৰভাৱ পেলাইছে ফটকা বিক্ৰেতাসকলৰ ওপৰতো ৷ ইয়াৰ বিপৰীতে পোহৰৰ উৎসৱ হিচাপে দীপাৱলী উদযাপনৰ বাবে বিভিন্ন পক্ষই আহ্বান জনাইছে যদিও বজাৰত ভৰি পৰিছে ৰং-বিৰঙী ফটকা আৰু আতচবাজী ৷ নগাওঁ চহৰৰ হয়বৰগাঁও, ঢাকাইপট্টি আদি বজাৰৰ ফটকা ব্যৱসায়ত বিগত চাৰি পাঁচদিনে হৈ থকা নেৰানেপেৰা বৰষুণে কিছু প্ৰভাৱ পেলাইছে ৷ অৱশ্যে দেওবাৰে পুৱাৰে পৰা কিছু ভিৰ পৰিলক্ষিত হয় ফটকা দোকানসমূহত ৷