ETV Bharat / state

বৰমাত অনলাইনযোগে টাইকোৱানডো প্ৰশিক্ষণ: খেলুৱৈক প্ৰমাণপত্ৰ বিতৰণ

author img

By

Published : Nov 8, 2021, 7:36 PM IST

বৰমাত চেলেঞ্জাৰ্ছ স্পৰ্টছ এণ্ড ফিটনেছ একাডেমীৰ উদ্যোগত অনলাইনযোগে আয়োজিত এমাহ জোৰা টাইকোৱানডো প্ৰশিক্ষণ কাৰ্যসূচী সমাপ্ত । প্ৰশিক্ষণৰ অন্তত আয়োজিত প্ৰতিযোগিতাত স্থান লাভ কৰা খেলুৱৈসকলক সোমবাৰে পদক আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয় । বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম টাইকোৱানডো সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়া ।

Online Taekwondo practice
বৰমাত অনলাইনযোগে টাইকোৱানডো অনুশীলন

বাক্সা, ৮ নৱেম্বৰ: ক'ভিড-১৯ মহামাৰীৰ বাবে লকডাউন জাৰি কৰাৰ সময়ত আন বিভিন্ন ক্ষেত্ৰৰ সমান্তৰালকৈ ক্ৰীড়া ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল । কিন্তু মহামাৰীসৃষ্ট পৰিৱেশত একাংশ খেলুৱৈ শাৰীৰিক আৰু মানসিকভাৱেও ভাঙি পৰিছিল । উক্ত সময়চোৱাত ক্ৰীড়া ক্ষেত্ৰৰে জড়িত সংগঠনসমূহে খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবে অনলাইনযোগে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিছিল । সেয়ে, বড়োলেণ্ড টাইকোৱানডো এছ'চিয়েছনৰ বৰমাত থকা চেলেঞ্জাৰ্ছ স্পৰ্টছ এণ্ড ফিটনেছ একাডেমীয়েও এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ।

Online Taekwondo practice
বৰমাত অনলাইনযোগে টাইকোৱানডো অনুশীলন

টাইকোৱানডো খেলৰ লগত জড়িত খেলুৱৈসকল যাতে অন্যমনস্ক হৈ নাযায় আৰু হতাশাত ভূগিবলগীয়া নহয়, তাৰ কাৰণে চেলেঞ্জাৰ্ছ স্পৰ্টছ এণ্ড ফিটনেছ একাডেমীয়ে অনলাইনযোগে এমাহ জোৰা টাইকোৱানডো প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে আৰু প্ৰশিক্ষণৰ অন্তত প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় । প্ৰতিযোগিতাত সফলতা অৰ্জন কৰা খেলুৱৈসকলক সোমবাৰে পদক আৰু প্ৰমাণপত্ৰ প্ৰদান । ১৪ গৰাকী খেলুৱৈক সোণৰ পদক, ১৩ গৰাকী খেলুৱৈক ৰূপৰ পদক আৰু ৯ গৰাকী খেলুৱৈক ব্ৰঞ্জৰ পদক প্ৰদান কৰা হয় । লগতে খেলুৱৈসকলক প্ৰমাণপত্ৰও প্ৰদান কৰা হয় ৷

আনহাতে, আন ২৪ গৰাকী খেলুৱৈক মানপত্ৰ প্ৰদান কৰা হয় । চেলেঞ্জাৰ্ছ স্পৰ্টছ এণ্ড ফিটনেছ একাডেমীৰ সভাপতি হিমাংশু পাঠকে সঞ্চালনা কৰা বঁটা বিতৰণী অনুষ্ঠানটিত উপস্থিত থাকে সদৌ অসম টাইকোৱানডো সন্থাৰ চি. অ. ভাস্কৰ ৰঞ্জন দাস, বড়োলেণ্ড টাইকোৱানডো সন্থাৰ সম্পাদক লাচিত বসুমতাৰী, সদৌ অসম টাইকোৱানডো সন্থাৰ প্ৰচাৰ সম্পাদক হৃদয়ানন্দ দাস, সদৌ অসম টাইকোৱানডো সন্থাৰ সম্পাদক ধীৰু নাথ, বাক্সা প্ৰেছ ক্লাৱৰ সভাপতি আলকাচ আলীকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক:প্ৰয়াত বিধায়ক ৰাজেন বৰঠাকুৰৰ সোঁৱৰণত কৰ্ণ-পৰ্ব ভাওনা প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.