ETV Bharat / state

মৃত শিশুক বোকোচাত লৈ ৰাজপথত কান্দোন এগৰাকী মাতৃৰ - মৃত শিশুক বোকোচাত লৈ ৰাজপথত কান্দোন এগৰাকী মাতৃৰ

মৃত্যুক সাৱটি ল'লে এটি কণমানি শিশুৱে ৷ টংলাৰ ধ্ৰুৱ বৰ্মন নামৰ লোকজনৰ কণমানি পুত্ৰ ৰিহান বৰ্মন কেইবাদিনো ধৰি আক্ৰান্ত হৈ আছিল জ্বৰত ৷ অভিযোগ অনুসৰি শুকুৰবাৰে বৰমা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ শিশুটিক লৈ যোৱা হৈছিল যদিও চিকিৎসকে বিশেষ গুৰুত্ব নিদিয়ে শিশুটিৰ চিকিৎসাৰ ক্ষেত্ৰত ৷

কান্দোনত ভাগি পৰা এগৰাকী মাতৃ
কান্দোনত ভাগি পৰা এগৰাকী মাতৃ
author img

By

Published : Mar 28, 2020, 9:46 PM IST

বৰমা, 28 মাৰ্চঃ বৰমাৰ নিকটৱৰ্তী বৰজাৰত মৃত্যু এটি কণমানি শিশুৰ ৷ কৰ্মসুত্ৰে বৰমাত ভাড়া থকা টংলাৰ ধ্ৰুৱ বৰ্মনৰ একমাত্ৰ সন্তান ৰিহান বৰ্মন নামৰ শিশুটি কেইবাদিনো ধৰি আক্ৰান্ত হৈ আছিল জ্বৰত ৷ অভিযোগ অনুসৰি কালি বৰমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল শিশুটিক ৷ কিন্তু অভিযোগ অনুসৰি স্বাস্থ্য কেন্দ্ৰটোৰ আয়ুৰ্বেদিক চিকিৎসক প্ৰণৱ শৰ্মাই বিশেষ গুৰুত্ব নিদিয়ে শিশুটিৰ চিকিৎসাৰ ক্ষেত্ৰত ৷ আজি পুনৰ শিশুটিৰ জ্বৰ বেছি হোৱাত চিকিৎসালয়লৈ নিয়াৰ বাবে জৰুৰীকালীন মৃত্যুঞ্জয় সেৱাত ফোন কৰিলে যদিও,যোগাযোগ কৰিম বুলি কোনো খবৰ নিদিলে তেওঁলোকক ৷ অৱশেষত পৰিয়ালৰ লোক দৌৰি দৌৰি চিকিৎসালয় পায় যদিও, চিকিৎসালয়ত শিশুটিক মৃত বুলি ঘোষণা কৰে চিকিৎসকে ৷

মৃত শিশুক বোকোচাত লৈ ৰাজপথত কান্দোনত ভাগি পৰা এগৰাকী মাতৃ

লগতে পঢ়কঃ ৰাজ্যত লক ডাউনৰ চতুৰ্থ দিনত ক’ত কি ঘটিল !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.