বাক্সা,24 এপ্ৰিল : ভাৰত ভূটান সীমান্তৰ বাক্সা জিলাৰ সীমামূৰীয়া ওদালগুৰি জিলাৰ অন্তৰ্গত ডিমাকুছিত বিভিন্ন প্ৰজাতিৰ ফুল, ফল আৰু গছৰ পুলিৰ নাৰ্চাৰী কৰি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন দহজন নিবনুৱা যুৱক যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে দুই ভাতৃ। বছৰি প্ৰায় দুই লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে নাৰ্চাৰী খনৰ পৰা।
যি সময়ত ৰাজ্যত কৰ্মসংস্থাপনৰ অভাৱত শ শ যুৱক যুৱতী বহি:ৰাজ্য লৈ সংস্থাপনৰ বাবে ঢাপলি মেলিছে সেই সময়তে বাক্সা জিলাৰ সীমামূৰীয়া ওদালগুৰি জিলাৰ অন্তৰ্গত ডিমাকুছি অঞ্চলৰ দুই ভাতৃ চুমল বসুমতাৰী আৰু বিমল বসুমতাৰীয়ে নাৰ্চাৰী ব্যৱসায়েৰে স্বাৱলম্বী হৈ নিবনুৱা সকলৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।
ডিমাকুছিৰ 3নং উত্তৰ ডিমাকুছি অঞ্চলৰ অতি উদ্যমী যুৱক চুমল বসুমতাৰী আৰু তেখেতৰ ভাতৃ বিমল বসুমতাৰীয়ে যোৱা ছয় বছৰ ধৰি নিজৰ এক বিঘা মাটিত বিভিন্ন প্ৰজাতিৰ মূল্যবান গছ,ফল আৰু ফুলৰ পুলিৰ এখন নাৰ্চাৰী পাতি নাৰ্চাৰীত উৎপন্ন হোৱা পুলি সমুহ স্থানীয় বজাৰত বিক্ৰী কৰিছে ৷ দেৱদাৰু, পাইন, এভেলিনা, তিতাচাব, ফলমুলৰ ভিতৰত আম,লিচু,নাৰিকল,আৰু প্ৰায়বোৰ প্ৰজাতিৰ ফুলৰ পুলি উন্নত মানদণ্ডৰে প্ৰস্তুত কৰে ।
এই পুলি সমুহ বিক্ৰী কৰি তেখেতে বছৰত কেইবালাখো টকা উপাৰ্জন কৰি নিজৰ পাঁচজনীয়া পৰিয়ালটো চলোৱাৰ উপৰিও নাৰ্চাৰীখনত কেইবাজন কৰ্মচাৰী নিয়োগ কৰি উপযুক্ত ভাট্টা দি সুন্দৰ কৈ চলি আহিছএ । দুই যুৱকে অসমৰ বৰ্ধিত নিবনুৱা সমস্যাত চিন্তিত বুলি কোৱাৰ লগতে কৰ্মসংস্থাপনৰ বাবে বহি:ৰাজ্য লৈ যোৱাৰ সলনি নিবনুৱা সকলক খেতি কৰি স্বাৱলম্বী হোৱাৰ বাবে আহ্বান জনায়। চৰকাৰৰ পৰা কোনো সাহাৰ্য্য নোপোৱা দুই যুৱকে চৰকাৰক কিছু সাহায্যৰো আশা প্ৰকাশ কৰিছে ৷