ETV Bharat / state

চৰম হতাশাত বাক্সাৰ এন আৰ চিত নাম নহা লোকৰ - তামুলপুৰ মহকুমা

এন আৰ চিৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ৰাইজৰ আত্মহত্যাৰ ভাবুকি ৷

চৰম হতাশাত বাক্সাৰ এন আৰ চিত নাম নহা লোকৰ
author img

By

Published : Sep 4, 2019, 3:21 PM IST

বাক্সা, 04 চেপ্তেম্বৰঃ সদ্য প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱাত চৰম হতাশাত ভুগিছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কেইবাখনো গাঁৱৰ লোক ৷ গাঁও কেইখনৰ ৰাইজে সংবাদ মাধ্যমৰ আগত নিজৰ পৰিয়ালৰ বা পূৰ্ব পুৰুষৰ ১৯৫১ চন আৰু ১৯৬৬ চনৰ লিগেচী,এন আৰ চি,মাটিৰ দলিলকে ধৰি বিভিন্ন নথি পত্ৰ প্ৰদৰ্শন কৰি কয় যে বঙালী লোক সকলৰ প্ৰতি চৰম অন্যায় কৰিছে এন আৰ চি কৰ্তৃপক্ষই ৷ এতিয়া পৰৱৰ্তী সময়ত এন আৰ চি কৰ্তৃপক্ষ তথা উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে আত্মহত্যাৰ পথ বাছি লোৱাৰ ভাবুকি প্ৰদান কৰিছে ৷

Intro:৩১ আগষ্টত প্ৰকাশ পোৱা চূড়ান্ত তালিকাত নাম নাহিল বহু প্ৰকৃত ভাৰতীয় লোকৰ।
আত্মহত্যাৰ দৰে পথ বাচি লোৱাৰ হুংকাৰ তামুলপুৰ মহকুমাৰ কেইবাখনো গাঁওৰ ৰাইজৰ ।Body:সদ্য প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত তালিকাত বহুতো প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম তালিকা ভুক্ত নোহোৱাত চৰম হতাশাত ভুগিছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অহিয়াবাৰী, দোৱামাখা, বৰলীয়াপাৰ, পুৱ কচুকাটা আদিকে ধৰি কেইবাখনো গাঁওৰ লোকৰ। প্ৰকৃত ভাৰতীয় হোৱাৰ পিছতো এন আৰ চিত এই সকল লোকৰ নাম অন্তৰ্ভুক্ত নোহোৱাত সদ্য প্ৰকাশিত এন আৰ চিক লৈ সন্তুষ্ট হব পৰা নাই এন আৰ চি বঞ্চিত লোক সকলে। গাঁও সমূহৰ ৰাইজে সংবাদ মাধ্যমৰ আগত নিজৰ পৰিয়ালৰ বা পূৰ্বপুৰুষৰ ১৯৫১ চন ১৯৬৬ চনৰ লিগেচী, এন আৰ চি, মাটিৰ নথিকে ধৰি বিভিন্ন নথি পত্ৰ প্ৰদৰ্শন কৰি কয় যে এইয়া বাঙালী লোক সকলৰ প্ৰতি চৰম অন্যায় কৰিছে এন আৰ চি কৰ্তৃপক্ষই। এইয়া বাঙালী সকলৰ বিৰুদ্ধে চৰম অন্যায়। প্ৰকৃত ভাৰতীয় হৈও এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে ভাত-পানী বাদ দি উজাগৰী নিশা কটাবলগীয়া হৈছে। ইতিমধ্যে বহু পৰিয়ালে ৮-১০ বাৰকৈ অসমৰ বিভিন্ন ঠাইত থকা এনএছকেত গৈ খৰছান্ত হব লগাত পৰিছে। আন এক অভিযোগ অনুসৰি কিছুমান পৰিয়ালৰ পিতৃৰ নাম আহিছে, কিন্তু সন্তানৰ নাম অহা নাই, আন কিছুমানৰ দুই-তিনিজন ভাতৃৰ নাম আহিছে যদিও দুই এজন ভাতৃৰ নাম বাদ পৰিছে। একেখন লিগেচী ব্যৱহাৰ কৰিছে যদিও কিছুমান পৰিয়ালৰ কেইজনমান সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে আন কিছুমান সদস্যৰ নাম অহা নাই।
Conclusion:অনাগত দিনত নথি-পত্ৰ থকা প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ বাবে ব্যৱস্থা লবলৈ এন আৰ চি কৰ্তৃপক্ষ তথা মহামান্য উচ্চতম ন্যায়ালয়ক অনুৰোধ জনাইছে ৰাইজে অন্যথা ৰাইজে আত্মহত্যাৰ দৰে পথ বাচি লব বুলি জানিব দিয়ে।

বাইট-----স্থানীয় ৰাইজ

Ajit Rabha Baksa
ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.