ETV Bharat / state

এন আৰ চি উন্নীতকৰণত ৰাইজক হাৰাশাস্তিৰ অভিযোগ এবিএমছুৰ - এবিএমছু

অসমত এখন শুদ্ধ এন আৰ চি প্ৰস্তুত হোৱাত বাধা দিয়াৰ উদ্দেশ্যে বিভিন্ন দল সংগঠনে ভিত্তিহীন আৰু মনেসজা আপত্তি দাখিল কৰা পৰিলক্ষিত হৈছে বুলি এক বিবৃতি যোগে প্ৰকাশ এবিএমছুৰ ৷ এখন শুদ্ধ,আইন সন্মত এন আৰ চি প্ৰস্তুত হোৱাৰ লগতে আপত্তিকাৰীসকলৰ উচিত তদন্তৰ দাবীত জিলা উপায়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ সংগঠনটোৰ ৷

এন আৰ চি উন্নীতকৰণৰ ৰাইজক হাৰাশাস্তিৰ অভিযোগ এবিএমছুৰ
author img

By

Published : May 8, 2019, 5:18 PM IST

বাক্সা, 8মে': ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ দাবী আৰু আপত্তি নিষ্পত্তিকৰণ পৰ্যায়ত একাংশ দল,সংগঠনে ধৰ্মীয় সংখ্যালঘু ৰাইজক মানসিক তথা আৰ্থিক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তামুলপুৰ জিলা এবিএমছুৱে। লগতে অসমত এখন শুদ্ধ এন আৰ চি প্ৰস্তুত হোৱাত বাধা দিয়াৰ উদ্দেশ্যে বিভিন্ন ভিত্তিহীন আৰু মনেসজা আপত্তি দাখিল কৰাৰ অভিযোগ এবিএমছুৰ।

এন আৰ চি উন্নীতকৰণৰ ৰাইজক হাৰাশাস্তিৰ অভিযোগ এবিএমছুৰ

উল্লেখ্য যে,তামুলপুৰ মহকুমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক সমাজৰ নেতৃস্থানীয় ব্যক্তিৰ বিৰুদ্ধে একাংশ আছু কৰ্মীয়ে আপত্তি দাখিল কৰিছিল। কিন্তু আপত্তিৰ শুনানি কালত আপত্তিকাৰী আছু কৰ্মী উপস্থিত নথকাত ক্ষোভিত হৈ পৰে এবিএমছুৰ সদস্য সকল ৷ একমাত্ৰ নাম আৰু উপাধিৰ বাবেই সন্দেহৰ ভিত্তিত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা কেতিয়াও মানি লোৱা নহ'ব বুলি উল্লেখ কৰে সংগঠনটোৱে ৷ আছুৰ এনে অদূৰদৰ্শী কৰ্মকাণ্ডই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিৰূপ প্ৰভাৱ পেলাব বুলিও উল্লেখ কৰে এবিএমছুৰ সদস্যসকলে ৷ তাৰোপৰি এখন শুদ্ধ,আইন সন্মত এন আৰ চি প্ৰস্তুত হোৱাৰ লগতে আপত্তিকাৰী সকলৰ উচিত তদন্তৰ দাবীত জিলা উপায়ুক্তলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে এবিএমছুৱে ৷

Intro:এন আৰ চি উন্নীতকৰণৰ নামত ধৰ্মীয় সংখ্যালঘূ ৰাইজক হাৰাশাস্তিৰ অভিযোগ-- এবিএমছুৰ

Body:ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ দাবী আৰু আপত্তি নিস্পত্তি কৰণ পৰ্যায়ত একাংশ দল,সংগঠনে ষড়যন্ত্ৰমূলক ভাৱে ধৰ্মীয় সংখ্যালঘু ৰাইজক শাৰীৰিক,মানসিক আৰু আৰ্থিকভাৱে হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তামুলপুৰ জিলা এবিএমছুৱে। এক বিবৃতি যোগে তামুলপুৰ জিলা এবিএমছুৱে এই সন্দৰ্ভত কয় যে অসমত এখন শুদ্ধ এন আৰ চি প্ৰস্তুত হোৱাত বাধা দিয়াৰ উদ্দেশ্যে বিভিন্ন ভিত্তিহীন আৰু মনেসজা আপত্তি দাখিল কৰা পৰিলক্ষিত হৈছে। সমগ্ৰ অসমৰৰ লগতে বিশেষকৈ তামুলপুৰ মহকুমাত অৱসৰপ্ৰাপ্ত শিক্ষক, বিভিন্নজন সমাজৰ নেতৃস্থানীয় ব্যক্তিৰ বিৰুদ্ধে একাংশ আছু কৰ্মীয়ে ভিত্তিহীনভাৱে আপত্তি দাখিল কৰিছে। বহুক্ষেত্ৰত এনে আপত্তিৰ শুনানি কালত আপত্তিকাৰী আছু কৰ্মীজন উপস্থিত নথকাত প্ৰকৃত সত্য পোহৰলৈ আহিছে।সেয়েহে তামুলপুৰ জিলা এবিএমছুৱে বাক্সা জিলা আছুক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে। যদি সঁচাকৈয়ে এন আৰ চিৰ চূড়ান্ত খচৰাত বিদেশীৰ নাম অন্তৰ্ভূক্ত হৈছে তেন্তে সেয়া তথ্য সহ প্ৰমাণ কৰি তেনে বিদেশীৰ নাম তামুলপুৰ জিলা এ বি এমছুৱেও বিচাৰিছে। কিন্তু একমাত্ৰ নাম আৰু উপাধিৰ বাবেই সন্দেহৰ ভিত্তিত প্ৰকৃত ভাৰতীয় নাগৰিকক কৰা হাৰাশাস্তি কেতিয়াও মানি লোৱা নহ'ব। সেইভূৱা আপত্তিকাৰীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিববলৈ ৰাইজ বদ্ধপৰিকৰ। ৰাজ্যৰ অন্যতম বৃহৎ ছাত্ৰ সংগঠন আছুুৰ এনে অদূৰদৰ্শী কৰ্মকাণ্ডই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিৰূপ প্ৰভাৱ পেলাব পাৰে। কাৰণ আছু আৰু সহযোগী ছাত্ৰ সংগঠনৰ নেতৃত্বত দাখিল কৰা এই সমূহ আপত্তি একমাত্ৰ নাম আৰু উপাধি চাইহে তথ্যহীন ভাৱে দাখিল কৰাটো পৰিলক্ষিত হৈছে। এসময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ পুথিমাৰী আঞ্চলিকৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা তথা কুমাৰীকাটা এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাছিৰুদ্দিন আহমেদৰ দৰে শিক্ষাবিদ এজনৰ নামতো আপত্তি দাখিল হোৱাটো ইয়াকেই প্ৰমাণ কৰিছে। Conclusion:এবিএমছুৱে এখন শুদ্ধ, আইন সন্মত এন আৰ চি প্ৰস্তুত হোৱাটো বিচাৰে বুলি উল্লেখ কৰি এই প্ৰক্ৰিয়াত ভূৱা আপত্তিৰে বেমেজালিৰ সৃষ্টি কৰি প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা কাৰ্যক গৰিহণা দিয়ে,লগতে এন আৰ চি কৰ্তৃপক্ষক ভূৱা আপত্তি সমূহ খাৰিজ কৰিবলৈ দাবী জনাইছে । ইপিনে তামুলপুৰ জিলা এবি এমছুৱে আজি বাক্সা জিলা ডি আৰ চি আৰলৈ এই সন্দৰ্ভত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।

ভাষ্য
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.