ETV Bharat / state

সীমান্ত বাণিজ্য কেন্দ্ৰত নাই এখনো ব্যৱসায়িক প্ৰতিষ্ঠান

author img

By

Published : Mar 22, 2019, 12:09 AM IST

বাক্সাৰ দৰঙামেলাত সাতমাহ পূৰ্বেই মুখ্যমন্ত্ৰী আৰু উদ্যোগমন্ত্ৰীয়ে মুকলি কৰিছিল কেন্দ্ৰটো ৷

সীমান্ত বাণিজ্য কেন্দ্ৰ

দৰঙামেলা, 21 মাৰ্চঃ ভাৰত-ভূটানৰ মাজৰ আন্তৰ্জাতিক সম্পৰ্ক উন্নত কৰিবলৈ বাক্সাৰ দৰঙামেলাত স্থাপিত হৈছিল ৰাজ্যৰ তৃতীয়টো সীমান্ত বাণিজ্য কেন্দ্ৰ ৷ কেন্দ্ৰীয় চৰকাৰৰ সহযোগত আৰু অসম চৰকাৰৰ তত্বাৱধানত বিটিচি প্ৰশাসনৰ নিৰ্মাণ কৰিছিল এই কেন্দ্ৰটো ৷

বিগত ২০১৮ চনৰ ১২ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত মুকলি কৰিছিল এই কেন্দ্ৰটো ৷ কেন্দ্ৰটো উদ্বোধনৰ সময়তে উদ্যোগ তথা বিনিয়োগৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰিছিল চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি মুখ্যমন্ত্ৰী আৰু হাগ্ৰামা মহিলাৰীয়ে ৷

সীমান্ত বাণিজ্য কেন্দ্ৰ

কিন্তু মুকলিৰ সাত মাহ পিচটো এতিয়ালৈকে কাৰ্যক্ষম হৈ উঠা নাই উক্ত কেন্দ্ৰটো ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ঘোষণা অসাৰ পৰিনত কৰি এতিয়ালৈকে কেন্দ্ৰটোত স্থাপন নহ'ল কোনো ব্যৱসায়িক প্ৰতিষ্ঠান ৷ কোটি টকা খৰচ কৰি দুখন দেশৰ মাজৰ বাণিজ্যিক সম্পৰ্ক উন্নত কৰিবলৈ স্থাপন কৰা কেন্দ্ৰটোত এতিয়া দুই-এখন সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ বাহিৰে পৰিলক্ষিত নহ'ল আন কোনো উন্নয়ন ৷

Intro:মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ বাবে মুকলি কৰা দৰঙামেলা সীমান্ত বাণিজ্য কেন্দ্ৰ ।
এৰাবাৰীত পৰিণত ।

Body:বাক্সাত অসাৰ প্ৰতিপন্ন হল মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোনোৱালৰ ঘোষণা । ব্যৱসায় , বাণিজ্যৰ বাবে আজিও মুকলি নহল বাক্সাৰ দৰঙামেলাত স্থাপন কৰা সীমান্ত বাণিজ্য কেন্দ্ৰ । বিগত ২০১৮ চনৰ ১২ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰ মহোন পাটোৱাৰীৰ উপস্থিত মুকলি কৰিছিল বাণিজ্য কেন্দ্ৰটো ।
বাক্সা জিলাৰ ভূটান সীমান্তত অৱস্থিত এই সীমান্ত বাণিজ্য কেন্দ্ৰটো । সাত মাহতে এৰাবাৰীত পৰিণত হৈছে সীমান্ত বাণিজ্য কেন্দ্ৰটো । ভাৰত ভূটান সীমান্তত বসবাস কৰা জনসাধাৰণৰ মাজত ব্যৱসায়িক, বাণিজ্য উন্নয়নৰ বাবে বাক্সা জিলাৰ দৰঙামেলাত স্থাপন কৰা হৈছিল সীমান্ত বাণিজ্য কেন্দ্ৰটো । ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উদ্যোগ মন্ত্ৰী চন্দ্ৰমহোন পাটোৱাৰীৰ উপস্থিতিত বিগত ছেপ্টেম্বৰ মাহত জনসাধাৰণৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল বাণিজ্য কেন্দ্ৰটো । ৰাজুহুৱা সভাত মুখ্যমন্ত্ৰী সোনোৱালে কেন্দ্ৰটোৰ জড়িয়তে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত ব্যৱসায়িক আদান প্ৰদান হব বুলিও ঘোষণা কৰিছিল ।

Conclusion:পিছে বিগত সাত মাহে অসাৰ প্ৰতিপন্ন হল মুখ্যমন্ত্ৰীৰ ঘোষণা। দিনটোত দুই-চাৰিখন ট্ৰাকৰ পাৰ্কিঙৰ বাহিৰে সীমান্ত বাণিজ্য কেন্দ্ৰটোত স্থাপন নহল ব্যৱসায়িক প্ৰতিষ্ঠান । যাৰ বাবে সীমান্তৰ ৰাইজে বাণিজ্য কেন্দ্ৰটোলৈ গৈ বিমুখ হৈ ঘুৰি আহিবলৈ বাধ্য হয় । উন্নয়নৰ মুখ দেখিবলৈ নহল সীমান্তৰ জনসাধাৰণৰ ।

ভাষ্য : সুৰক্ষা কৰ্মী

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.