বৰপেটাৰোড,10 অক্টোৱৰ: শিমলাগুৰী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত বৰপেটাৰোডৰ সমীপৰ জাখলিপাৰত ৫ নৱেম্বৰত এজনী ৮ বছৰীয়া কন্যাৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷ মৃতদেহ উদ্ধাৰৰ পাছতে অঞ্চলজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ ৷ কোনে কি কাৰণত ৮ বছৰীয়া কন্যা শিশুটিক হত্যা কৰি পেলাই থৈ গ'ল এই বিষয়ে তদন্ত চলাই থকাৰ সময়তে মৃতদেহটো জাখলিৰপাৰৰ খগেন সৰকাৰৰ কন্যা নিকিতা সৰকাৰ বুলি চিনাক্ত হৈছিল ৷
ইয়াৰ পিছতে শালবাৰী মহকুমা আৰক্ষী বিষয়া আৰু শিমলাগুৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি সোমবাৰে সন্ধিয়া গুৱাহাটীৰ নাৰেংগীৰ পৰা ৰূপৰত বৰ্মন ওৰফে বিতুক আটক কৰিবলৈ সক্ষম হয় ৷ কণমানি নিকিতাক নিৰ্মম ভাৱে হত্যা কৰি পলাই গৈছিল ৰূপৰত বৰ্মনে ৷ সম্প্ৰতি হত্যাকাৰীক আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে ৷ মঙলবাৰে ৰূপৰত বৰ্মন ওৰফে বিতুক আদালতত হাজিৰ কৰোৱা হ'ব ৷
লগতে পঢ়ক: মৰিগাঁৱত ৰাইজৰ দলৰ ৰাজনৈতিক তৎপৰতা