বৰমা, ২১ আগষ্টঃ জম্মু কাশ্মীৰৰ পৰা লাডাখক পৃথক কৰি কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন কৰা কাৰ্যক বিজেপি চৰকাৰক ধন্যবাদ জনাই এন ডি এফ বি (প্ৰ) ৰ নেতৃত্বই ৷ বাক্সা জিলাৰ বৰমাৰ ছোৱালী হাইস্কুলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সংবাদ মেলত বিদ্ৰোহী সংগঠনটোৰ সভাপতি গোবিন্দ বসুমতাৰী ওৰফে বি সৌমখৌৰ য়ে জম্মু কাশ্মীৰৰ পৰা লাডাখক যি আইনৰ আধাৰত পৃথক কৰিলে সেই একে আইনৰ আধাৰতে বাকী পৃথক ৰাজ্য বিচৰা সংগঠন সমুহৰ ক্ষেত্ৰতো একে ব্যৱস্থাপনা কৰিব লাগে বুলি মন্তব্য কৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস থকাৰ কথা প্ৰকাশ কৰি এন ডিএফ বি (প্ৰ) ৰ সমস্যাটো শীঘ্ৰে সমাধান হব বুলি মন্তব্য কৰে ৷
সংবাদ মেলত আগন্তুক বিটিচি নিৰ্বাচনৰ ক্ষেত্ৰত সংগঠনটোৱে কি স্থিতি গ্ৰহণ কৰিব সেই বিষয়ে দলে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি জনাই সভাপতি গোবিন্দ বসুমতাৰীয়ে ৷ পৃথক বড়ো ৰাজ্য গঠনৰ ক্ষেত্ৰত ৰাজনৈতিক দল বিপিএফে এন ডি এফ বি ৰ লগত আলোচনা কৰাৰ ইচ্ছা প্ৰকাশ বা নিমন্ত্ৰণ কৰিলে এন ডি এফ বি (প্ৰ) য়ে আগবাঢ়িব বুলিও সংবাদ মেলত কয় ৷ সংবাদ মেলত এন ডি এফ বি (প্ৰ) ৰ প্ৰাক্তন সভাপতি ধীৰেন বড়ো ওৰফে বি, চুনথাগ্ৰা আৰু সংগঠনটোৰ পূব মণ্ডলৰ কামাণ্ডাৰ ফ্ৰেচ মুছাহাৰী ওৰফে এম, ফৈইলাওক দল বিৰোধী কামত লিপ্ত থকাৰ অপৰাধত সংগঠনটোৰ পৰা বহিষ্কাৰ কৰা বুলি সংবাদমেলত প্ৰকাশ কৰে বৰ্তমানৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে ৷