ETV Bharat / state

শনিবাৰে বাক্সাতো পালন কৰা হ'ল ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস - বিটিআৰ হস্ততাঁত আৰু ৰেচম বিভাগ

বাক্সা জিলাৰ খাৰুৱাস্থিত সংহত হস্ততাঁত আৰু বস্ত্ৰ উদ্যোগত পালন কৰা হয় ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ৷ উক্ত অনুষ্ঠানত বিটিআৰ (BTR)ৰ কেইবাগৰাকী শিপিনীক মানপত্ৰ আৰু নগদ ধন প্ৰদান কৰাৰ লগতে বয়নশিল্পৰ আহিলা প্ৰদান কৰা হয় ৷

national handlom day celebrate
শনিবাৰে বাক্সাতো পালন কৰা হ'ল ৰাষ্ট্ৰীয় হস্ততাত দিৱস
author img

By

Published : Aug 7, 2021, 8:48 PM IST

বাক্সা, ৭ আগষ্ট : আজি সপ্তম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস (National Handloom Day) ৷ সমগ্ৰ দেশৰ লগতে বাক্সা জিলাৰ খাৰুৱাস্থিত সংহত হস্ততাঁত আৰু বস্ত্ৰ উদ্যোগত পালন কৰা হয় ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ৷ এই উপলক্ষে আয়োজন কৰা সভাত উপস্থিত থাকে বিটিআৰৰ (BTR) হস্ততাঁত আৰু ৰেচম বিভাগৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী ৷

সভাৰ শেষত সাংবাদিকৰ আগত ধনঞ্জয় বসুমতাৰীয়ে কয়, উত্তৰপূৰ্বাঞ্চলৰ প্ৰথমটো "Intigrated Handloom textile appartmental park" ৰ জৰিয়তে বি টি আৰৰ বহু মহিলাই লাভাম্বিত হোৱা পৰিলক্ষিত হৈছে ৷ বস্ত্ৰ উদ্যোগটোৱে মহিলা সৱলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰা বুলি মন্তব্য কৰে বি টি আৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে ৷

শনিবাৰে বাক্সাতো পালন কৰা হ'ল ৰাষ্ট্ৰীয় হস্ততাত দিৱস

লগতে পঢ়ক: ভয়াৱহ ক’ভিড পৰিস্থিতিৰ মাজতো স্বাস্থ্য কেন্দ্ৰত অনিয়মৰ অভিযোগ

এই উদ্যোগটোৰ জৰিয়তে উৎপাদিত বস্ত্ৰই যাতে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিব পাৰে তাৰ ওপৰতো পৰিকল্পনা কৰি থকা হৈছে বুলি মন্তব্য প্ৰকাশ কৰে বিটিআৰ হস্ততাঁত আৰু ৰেচম বিভাগৰ কাৰ্যবাহী ধনঞ্জয় বসুমতাৰীয়ে ৷

উক্ত অনুষ্ঠানত বিটিআৰৰ কেইবাগৰাকী শিপিনীক মানপত্ৰ আৰু নগদ ধন প্ৰদান কৰাৰ লগতে বয়নশিল্পৰ আহিলা প্ৰদান কৰা হয় ৷ অনুষ্ঠানত হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ বিটিআৰৰ সঞ্চালক দিৱাকৰ গোস্বামী, ব্ৰাফেডৰ প্ৰাক্তন সঞ্চালক এন এন ৰানা পাটগিৰি, বি টি আৰৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ অধ্যক্ষ দীপশিখা নন্দ হাজৰীকা, বি টি আৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মকে ধৰি কেবাগৰাকী ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: মিজোৰাম অভিমুখী বাহনত আক্ৰমণ জনতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.