ETV Bharat / state

Murderer arrested: বাক্সাৰ শিমলা আৰক্ষীৰ জালত দুই হত্যাকাৰী - Two killers arrested in Baksa

বেতবাৰী শ্যামাপূজাত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ লগত জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ শিমলা আৰক্ষীৰ (Two killers arrested in Baksa) । ২৮ অক্টোবৰৰ নিশা শ্যামাপূজাত সুৰাপান কৰি দুটা ফৈদৰ মাজত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিট ৷ এই ঘটনাত মৃত্যু হৈছিল এজন যুৱকৰ ।

murderer arrested in baksa
বাক্সাৰ শিমলা আৰক্ষীৰ জালত দুই হত্যাকাৰী
author img

By

Published : Nov 3, 2022, 3:36 PM IST

বাক্সা,৩ নৱেম্বৰ: শিমলা আৰক্ষীৰ জালত বেতবাৰীৰ শ্যামা পূজাত সংঘটিত হোৱা হত্যাকাণ্ডৰ লগত জড়িত দুই অভিযুক্ত(Two killers arrested in Baksa) । পলাতক অৱস্থাত থকা দুই অভিযুক্তক বৃহস্পতিবাৰে বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত চি ব্লক গাঁৱৰ আত্মীয়ৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত শিমলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

২৮ অক্টোবৰৰ নিশা বাক্সা জিলাৰ চিমলা থানাৰ অন্তৰ্গত বেতবাৰী শ্যামাপূজাত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড(Gruesome murder in Baksa) । শ্যামাপূজাত সুৰাপান কৰি দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ মাজতে মৃত্যু হৈছিল এজন যুৱকৰ । আক্ৰমণৰ বলি হৈ মৃত্যু হোৱা যুৱকজন অঞ্চলীৰ বাদুলিপাৰাৰ গাঁৱৰ ৰূপজ্যোতি দাস বুলি চিনাক্ত কৰা হৈছিল ।

ইয়াৰ পাছতেই আৰক্ষীয়ে তাৎক্ষণিকভাৱে আৰম্ভ কৰিছিল তদন্ত প্ৰক্ৰিয়া । আৰক্ষীয়ে আটক কৰিছিল ১৫ গৰাকীকৈ লোকক । কিন্তু হত্যাকাণ্ডৰে জড়িত থকা দুই অভিযুক্ত আত্মগোপন কৰি আছিল । দুয়োগৰাকীৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছিল অভিযান । অৱশেষত অভিযান চলাই ধৃত দুই হত্যাকাৰীক বুধবাৰে নিশা বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত চি ব্লক গাঁৱত আত্মীয়ৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত শিমলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

বাক্সাৰ শিমলা আৰক্ষীৰ জালত দুই হত্যাকাৰী

সুৰাৰ সেৱন কৰি দুই ফৈদৰ মাৰপিটত এজনৰ মৃত্যু হোৱা ঘটনাকলৈ এতিয়ালৈকে ১৭ গৰাকী যুৱকে হত্যাৰ গোচৰত জেলৰ ভাত খাবলগীয়া হৈছে ৷ এতিয়া প্ৰশ্ন হয় কোন দিশে ধাৱমান যুৱ প্ৰজন্ম ? পূজা মহোৎসৱসমুহত অবৈধ সুৰাৰ অবাধ প্ৰচলনে কাল হ'ল ৰূপজ্যোতিৰ ৷ আৰক্ষীয়ে অবৈধ সুৰাৰ প্ৰচলন বন্ধ কৰিবলৈ সক্ষম হ’বনে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: Student injured by teacher beating: কণমানি ছাত্ৰক প্ৰহাৰ কৰাক লৈ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.