ETV Bharat / state

প্ৰধানমন্ত্ৰী হ’বলৈ মন মেলিছে সাংসদ নৱ কুমাৰ শৰণীয়াই

author img

By

Published : Aug 20, 2022, 10:21 PM IST

প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে সাংসদ নৱ কুমাৰ শৰণীয়াই (MP Naba Kumar Sarania)৷ ২০২৪ ৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হ’ব সাংসদ নৱ কুমাৰ শৰণীয়া ৷ ভাৰতবৰ্ষৰ আঞ্চলিক দলসমূহ একত্ৰিত হৈ ২০২৪ ৰ লোকসভা নিৰ্বাচনত কমেও ৫০ খন আসন দখলৰ চেষ্টা কৰিব ।

MP Naba Kumar Sarania
প্ৰধানমন্ত্ৰী হ’বলৈ মন মেলিছে সাংসদ নৱ কুমাৰ শৰণীয়াই

বাক্সা, ২০ আগষ্ট: সাংসদ নৱ কুমাৰ শৰণীয়াই দেখিছে প্ৰধানমন্ত্ৰী হোৱাৰ সপোন ৷ ৰাইজে বিচাৰিলে প্ৰধানমন্ত্ৰীতকৈ ডাঙৰ পদ ল’বলৈ সাজু হৈ আছে সাংসদগৰাকী ৷ বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰি ২০২৪ ৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হ’ব সাংসদ নৱ কুমাৰ শৰণীয়া (MP Naba Kumar Sarania)৷

শনিবাৰে মুছলপুৰত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে এইদৰে মন্তব্য কৰে । আগন্তুক লোকসভা নিৰ্বাচনৰ আগে আগে বিজেপিলৈ যোৱাৰ চিন্তা চৰ্চা কৰিছে নেকি বুলি সাংবাদিকে কৰা প্ৰশ্ন নস্যাৎ কৰে নৱ কুমাৰ শৰণীয়াই ৷ বিপৰীতে তেওঁ কয় যে, আগন্তুক লোকসভা নিৰ্বাচনৰ আগতে জি এছ পি কে ধৰি ভাৰতবৰ্ষৰ আঞ্চলিক দলসমূহ একত্ৰিত হৈ ২০২৪ৰ লোকসভা নিৰ্বাচনত(2024 Lok Sabha election) অতি কমেও ৫০ খন আসন দখলৰ চেষ্টা কৰিব ।

আনহাতে অসমৰ প্ৰেক্ষাপটত কংগ্ৰেছ দলে যদি জি এছ পিৰ লগত বুজাবুজি কৰি মঙলদৈ লোকসভা আসনখন জি এছ পিক এৰি দিয়ে তেন্তে জি এছ পি এ কোকৰাঝাৰ আৰু মঙলদৈ দুখন আসন পোৱাৰ বিপৰীতে কংগ্ৰেছ দলে নগাঁও, বৰপেটাকে ধৰি তিনি-চাৰিখন আসন লাভ কৰিব । অন্যথা কংগ্ৰেছ দলৰ আসন আগন্তুক লোকসভা নিৰ্বাচনত শূণ্য হ’ব বুলি মন্তব্য কৰে সাংসদ শৰণীয়াই ।

আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত তেখেতক বিৰোধী ঐক্য মঞ্চৰ প্ৰধানমন্ত্ৰী হিচাবে নিক্ষেপ কৰিলে সেই প্ৰস্তাৱ গ্ৰহণ কৰিবনে বুলি কৰা প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে একেষাৰে প্ৰধানমন্ত্ৰীৰ আসনত বহিবলৈ প্ৰস্তুত বুলি মন্তব্য কৰে (MP Naba Kumar Sarania want to be prime minister)। বি জে পিৰ যিমান উত্থান হ'লেও কোকৰাঝাৰ লোকসভা সমষ্টিত নৱ কুমাৰ শৰণীয়াক হিলাব নোৱাৰে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ বিভিন্ন মন্তব্যত মোহভংগ বিজেপি নেতা আব্দুল আজিজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.