ETV Bharat / state

ৰাজ্য প্ৰশাসনৰ আদেশ অনুসৰি অসমৰ জিলাসমূহ পৰ্যবেক্ষণ মন্ত্ৰী বিধায়কৰ

author img

By

Published : Mar 30, 2020, 6:35 PM IST

ইয়াৰ উপৰিও MMCH ত নতুনকৈ ১২ খন, সোনাপুৰত ১৬ খন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পুনৰ ৫০ টাকৈ ICU স্থাপনৰো ব্যৱস্থা কৰা হ'ব বুলি জনায় স্বাস্থ্য বিভাগে।

জিলাসমূহ পৰ্যবেক্ষণ মন্ত্ৰী বিধায়কৰ
জিলাসমূহ পৰ্যবেক্ষণ মন্ত্ৰী বিধায়কৰ

বৰমা, 30 মাৰ্চঃ বাক্সা জিলাৰ সামগ্ৰিক পৰ্যবেক্ষণৰ বাবে সোমবাৰে মুছলপুৰত উপস্থিত হয় ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰী ৷ বাক্সাৰ সকলো বিভাগৰ কতৃপক্ষৰ সৈতে মিলিত হৈ বৰ্তমান সময়ত লোৱা পদক্ষেপসমূহৰ চোৱাচিতা কৰাৰ লগতে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ জিলাখনৰ তিনিটা স্থানত ৫০ খন বিচনাযুক্ত কোৰেইনটাইন শিবিৰ নিৰ্মাণ কৰা হ'ব বুলিও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে ৰাজ্য প্ৰশাসনে জিলাখনৰ দায়িত্ব মন্ত্ৰী ৰিহন দৈমাৰীক প্ৰদান কৰাৰ পাছতে আজি মুছলপুৰৰ কেবাটাও চৰাকাৰী বিভাগৰ মুৰব্বী বিষয়াসকলৰ স'তে আলোচনা মিলিত হয় মন্ত্ৰীগৰাকী ৷ উল্লেখ্য যে, বাক্সা জিলাৰ তিনিটা মহকুমা ক্ৰমে শালবাৰী, মুছলপুৰ আৰু তামুলপুৰত ৫০খন বিচনাযুক্ত কোৰেইনটাইন শিবিৰ নিৰ্মাণ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷ জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিধায়কত্ৰয় মনেশ্বৰ ব্ৰহ্ম, থানেশ্বৰ বসুমতাৰী আৰু ইমানুৱেল মোছাহাৰী উপস্থিত থাকে ৷

ৰিহন দৈমাৰী

আনহাতে সোমবাৰে কামৰূপৰ শিঙিমাৰী আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনত ২০ খন ICU বেদ সাজু কৰিবলৈ স্বাস্থ্য বিভাগক আদেশ দিয়ে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ উপৰিও MMCH ত নতুনকৈ ১২ খন, সোনাপুৰত ১৬ খন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পুনৰ ৫০ টাকৈ ICU স্থাপনৰো ব্যৱস্থা কৰা হ'ব বুলি জনায় স্বাস্থ্য বিভাগে। লগতে দুদিনৰ ভিতৰত সাজু হৈ উঠিব সৰুসজাই ষ্টেডিয়াম। মুঠৰ ওপৰত মন্ত্ৰীগৰাকীয়ে জানিব দিয়া মতে, COVID19 ৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ।

হিমন্ত বিশ্ব শৰ্মা

আনহাতে, কৰ'ণা ৰোগীৰ বাবে বিশেষভাৱে সাজু কৰি থকা হৈছে সোণাপুৰ জিলা চিকিৎসালয় । সোমবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুস হাজৰিকাৰ সৈতে জিলা চিকিৎসালয় পৰিদৰ্শন কৰি কামৰ অগ্ৰগতীৰ বুজ লোৱাৰ ওপৰিও চিকিৎসক তথা স্বাস্থ্য কৰ্মীৰ সৈতে মত-বিনিময় কৰে। উল্লেখ্য যে ৰাজ্যৰ স্বাস্থ্য বিভাগে সোণাপুৰ জিলা চিকিৎসালয়খনক ১৫০খন বিচনাযুক্ত কৰ'ণা চিকিৎসালয় হিচাপে উন্নীত কৰাৰ উপৰিও ১৬ খন আই চি ইউ যুক্ত বিচনা তৎকালীনভাৱে সাজু কৰাৰ ব্যৱস্থা হাতত লৈছে।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুস হাজৰিকা

লক ডাউনৰ সময়ছোৱাত খাদ্য সামগ্ৰী বিশেষকৈ শাক পাচলিৰ অভাৱত যাতে জনসাধাৰণ বাহিৰলৈ ওলাই আহি লকডাউন নিয়ম উলংঘা নকৰে নিজেই গাড়ী চলাই গাঁৱে গাঁৱে ৰাইজৰ পদুলীয়ে পদুলীয়ে গৈ প্ৰতিটো পৰিয়ালক পাচলিৰ টোপোলা প্ৰদান কৰিছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ সামাজিক দূৰত্ব বজাই ৰাখি সোমবাৰৰ পৰা আৰম্ভ কৰা এই শাক পাচলি যোগান ধৰাৰ ব্যৱস্থা আগন্তুক এটা সপ্তাহ পৰ্যন্ত অব্যাহত থাকিব বুলি জানিব দিয়াৰ লগতে সমষ্টিটোৰ ২০ টা পঞ্চায়তৰ প্ৰায় ৪০ হাজাৰটা পৰিয়ালক এইদৰেই দূৰ্য্যোগৰ সময়ত বিনামুলীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰা হ’ব বুলিও উল্লেখ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ সমষ্টিৰ ৰাইজ যাতে অসুবিধাত নপৰে তাৰ বাবে বিশেষভাৱে গুৰুত্ব দিয়া বিধায়ক পদ্ম হাজৰিকাই সকলোকে লকডাউনৰ নিৰ্দেশ পালন কৰিবলৈ আহবান জনোৱাৰ লগতে যি কোনো ক্ষেত্ৰত ৰাইজ অসুবিধাত পৰিলে পোনপটীয়াকৈ বিধায়কগৰাকীৰ লগত যোগাযোগ কৰিবলৈও আহ্বান জনায় ৷

পদ্ম হাজৰিকা

লগতে পঢ়কঃ 21 দিনীয়া লক ডাউন বৃদ্ধি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে

সমান্তৰালকৈ মহানগৰীৰ পাণবজাৰ টকৌবাৰী বস্তি অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ বস্তি অঞ্চলত বাস কৰা দুখীয়া লোকসকলক সামাজিক ব্যৱধান বৰ্তাই ৰাখি সকলোৱে খাদ্য সামগ্ৰী বিতৰণ কৰে মন্ত্ৰী ৷ আগন্তুক সময়ত প্ৰত্যেক ৭ দিনৰ মূৰে মূৰে ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী যোগান ধৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ এনেদৰে দহ হাজাৰ মানুহৰ মাজত খাদ্য বিতৰণ কৰা হ'ব ৷

সিদ্ধাৰ্থ ভট্টাচাৰ্য

লক ডাউনৰ মাজতে সোমবাৰে ধুবুৰীত উপস্থিত হয় মন্ত্ৰী চন্দন ব্ৰহ্ম । জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ কৰ'ণা ভাইৰাছ সম্পৰ্কত জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী। বৈঠকত জিলা উপায়ুক্ত অনন্তলাল জ্ঞানী সহ কেইবাগৰাকী প্ৰশাসনিক বিষয়া আৰু জিলা স্বাস্থ্য আৰু যুটীয়া সঞ্চালক উপস্থিত থাকে। মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংঘী। উল্লেখযোগ্য যে, লক ডাউন আৰু কৰ'ণাতংকৰ মাজতে কাইলৈ ধুবুৰীৰ পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত হব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। যাৰ বাবে আজি ধুবুৰী প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰী চন্দন ব্ৰহ্ম।

চন্দন ব্ৰহ্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.