ETV Bharat / state

বাক্সাত পাগলাদিয়া নদীৰ প্ৰাকৃতিক কৃষি বান্ধ পৰিদৰ্শন মন্ত্ৰী ইউ জি ব্ৰহ্মৰ

author img

By

Published : Sep 30, 2021, 7:19 PM IST

বুধবাৰে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী সুৱণখাটাত উপস্থিত হয় ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন (বিটিআৰ), হস্ততাঁত আৰু বস্ত্ৰ শিল্প, ভূমি সংৰক্ষণ মন্ত্ৰী ইউ জি ব্ৰহ্ম । বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োক লগত লৈ সীমান্তৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । চৌকীক মিনি পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ আশ্বাস মন্ত্ৰী ব্ৰহ্মৰ ।

Minister U G Brahma visited Chouki
বাক্সাত পাগলাদিয়া নদীৰ প্ৰাকৃতিক কৃষি বান্ধ পৰিদৰ্শন মন্ত্ৰী ইউ জি ব্ৰহ্মৰ

বাক্সা, ৩০ ছেপ্টেম্বৰ : বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সুৱণখাটাৰ ৰাইজৰ সমস্যাৰ বুজ ল'লে ভৈয়াম জনজাতি উন্নয়ন (বিটিআৰ), হস্ততাঁত আৰু বস্ত্ৰ শিল্প, ভূমি সংৰক্ষণ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই । সীমান্তৰ ৰাইজে ৰাইজে বছৰ বছৰ ভূগি থকা সমস্যাসমূহৰ বিষয়ে বুজ লৈ সেই সমস্যাবোৰ শীঘ্ৰে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী ব্ৰহ্মই ৷

মন্ত্ৰীগৰাকীয়ে প্ৰথমে বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত তথা বৰমা বিধানসভা সমষ্টিৰ সুৱণখাটা-নিকাছী সংযোগী পথত দিৰিং নদীৰ ওপৰত থকা বিধ্বস্ত দলংখন পৰিদৰ্শন কৰে ৷ দলংখন পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে শীঘ্ৰে অঞ্চলটোৰ যাতায়ত ব্যৱস্থা সুচল কৰাৰ স্বাৰ্থত এখন পকী দলং নিৰ্মাণৰ পোষকতা কৰি কয় যে, পূৰ্বৰ দলংখন নিৰ্মাণৰ ক্ষেত্ৰত বহুত বিসংগতি আছিল ৷

সেইবাবে বাঢ়নী পানীয়ে দলংখন ভাঙি পেলালে ৷ কাৰিকৰী জ্ঞান নথকা সেইসকল বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ বিৰুদ্ধে তদন্ত হ'ব লাগে বুলিও তেওঁ মন্তব্য কৰে ৷ তাৰ পিছত মন্ত্ৰীগৰাকীয়ে সীমান্তৰ চৌকীত কৃষক ৰাইজে পাগলাদিয়া নদীত নিৰ্মাণ কৰা প্ৰাকৃতিক কৃষি বান্ধ পৰিদৰ্শন কৰে ৷

উল্লেখ্য যে, ভাৰত স্বাধীন হোৱাৰ পূৰ্বৰে পৰা সীমান্তৰ জনসাধাৰণে নদীৰ বুকুত বান্ধ দি নলাৰে পানী বোৱাই নি কৃষি কৰ্মৰ লগতে অন্যান্য কামত পানী ব্যৱহাৰ কৰি আহিছে ৷ কিন্তু কোনো এখন চৰকাৰে সেই অঞ্চলত জলসিঞ্চনৰ আঁচনি ৰূপায়ণ নকৰা বাবে বছৰ বছৰ ধৰি ৰাইজে এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে ৷ বাৰিষাৰ সময়চোৱাত পথাৰ এৰি বেছিভাগ সময় নদীত বান্ধ বন্ধা কামতে জড়িত হৈ থাকে বৃহত্তৰ সুৱণখাটা অঞ্চলৰ জনসাধাৰণ ৷

মন্ত্ৰী ব্ৰহ্মই কৃষক ৰাইজে প্ৰাকৃতিক উপায়েৰে নিৰ্মাণ কৰা বান্ধ পৰিদৰ্শন কৰি এটা স্থায়ী সমাধান কৰাৰ বাবে প্ৰচেষ্টা কৰিব বুলিও আশ্বাস দিয়ে ৷ আনহাতে, মন্ত্ৰীগৰাকীয়ে পৰ্যটনস্থলী চৌকীৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আপ্লুত হোৱা বুলি জানিবলৈ দি কয় যে, চৌকীৰ প্ৰাকৃতিক সৌন্দৰ্য সঁচাকৈ অতুলনীয় ৷ ভূটান পাহাৰৰ সেউজ পৰিৱেশে আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে ঠাইখন ৷ সেয়ে, চৌকীক ৰাজ্যৰ মিনি পৰ্যটনস্থলী হিচাপে গঢ়ি তোলৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী ব্ৰহ্মই ।

লগতে পঢ়ক : ধুবুৰীত ব্ৰাউন চুগাৰসহ এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.