ETV Bharat / state

স্বাধীনতা দিৱস উপলক্ষে বাক্সাত fit india marathon

স্বাধীনতা দিৱস উপলক্ষে বাক্সাৰ জালাহত ফিট ইণ্ডিয়া শীৰ্ষক মাৰাথন দৌৰৰ আয়োজন ৷ ভাৰত চৰকাৰৰ বিশেষ পদক্ষেপ আজাদী কা অমৃত মহোৎসৱ(Azadi ka Amrit Mahotsav)ৰ অংশ হিচাপে FIT INDIA FREEDOM RUN 2.0 শীৰ্ষক এই মাৰাথন দৌৰৰ আয়োজন ৷

author img

By

Published : Aug 15, 2021, 11:25 AM IST

marathon race organized at jalah
স্বাধীনতা দিৱস উপলক্ষে বাক্সাত ফিট ইণ্ডিয়া মাৰাথন

বাক্সা, 15 আগষ্ট : ভাৰতৰ 75 তম স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বাক্সাত মাৰাথন দৌৰৰ আয়োজন ৷ 75 তম স্বাধীনতা দিৱস উপলক্ষে ভাৰত চৰকাৰে গ্ৰহণ কৰা বিশেষ পদক্ষেপ আজাদী কা অমৃত মহোৎসৱ(Azadi ka Amrit Mahotsav)ৰ অংশ হিচাপে শনিবাৰে বাক্সা জিলাৰ জালাহত এক মাৰাথন দৌৰৰ আয়োজন কৰা হয় ৷ বাক্সাৰ নেহৰু যুৱ কেন্দ্ৰ(Nehru Yuva Kendra) নামৰ অনুষ্ঠানটোৱে FIT INDIA FREEDOM RUN 2.0 শীৰ্ষক এই মাৰাথন দৌৰৰ আয়োজন কৰে ৷

আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে স্থানীয় 'বগাধৰ ব্ৰহ্ম কিষাণ মহাবিদ্যালয় জালাহ' খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই দৌৰ ৫ কিল’মিটাৰ দূৰত্বত সামৰণি পৰে ৷ শনিবাৰৰ এই বিশেষ দৌৰ প্ৰতিযোগিতাত বাক্সা জিলাৰ জালাহৰ উপৰিও ইয়াৰ দাঁতিকাষৰীয়া বিভিন্ন অঞ্চলৰ যুৱকসকলে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, দেশৰ 75 তম স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰো বিভিন্ন প্ৰান্তত FIT INDIA FREEDOM RUN শীৰ্ষক এই দৌৰৰ আয়োজন কৰা হৈছে ৷

'আজাদী কা অমৃত মহোৎসৱ' উদযাপনৰ অংশ হিচাপে এই দৌৰৰ আয়োজন কৰা হৈছে ৷ 75 তম স্বাধীনতা দিৱসৰ 75 সপ্তাহ পূৰ্বে আৰম্ভ হোৱা এই আজাদী কা অমৃত মহোৎসৱ হৈছে প্ৰগতিশীল ভাৰতৰ 75 বছৰ আৰু ইয়াৰ জনসাধাৰণ, সংস্কৃতি তথা কৃতিত্বৰ গৌৰৱময় ইতিহাস উদযাপন আৰু স্মৰণ কৰাৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা এক বিশেষ উদ্যোগ ৷

দেশৰ স্বাধীনতাৰ 75 তম বাৰ্ষিকীৰ 75 সপ্তাহ আগতে অৰ্থাৎ 2021 ৰ 12 মাৰ্চত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা দাণ্ডী মাৰ্চৰ শুভাৰম্ভ কৰি আজাদী কা অমৃত মহোৎসৱ উদ্বোধন কৰে ৷ 2023 ৰ 15 আগষ্টত এই আজাদী কা অমৃত মহোৎসৱ সমাপ্ত হ'ব ৷

লগতে পঢ়ক: আজাদী কি অমৃত মহোৎসৱ উপলক্ষে এছ এছ বি তেজপুৰ ফ্ৰণ্টিয়াৰৰ সমূহীয়া দৌৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.